অসম লাইভ২৪ঃ বুধবাৰৰ পৰা জন্মাষ্টমী। পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয় জন্মাষ্টমী। পুৰাণমতে দ্বাপৰযুগৰ এই তিথিতেই মানৱৰূপে মৰ্ত্যত আবিৰ্ভূত হৈছিল ভগৱান শ্ৰী কৃষ্ণ। সাধাৰণতে ভাদ মাহৰ প্ৰথম দিনাই জন্মাষ্টমী পালন কৰা হয়। লোকবিশ্বাস যে জন্মাষ্টমীৰ দিনা কিছু কাম ভুলতো কৰিব নালাগে। সৰু এটা এটা ভুলেই সৰ্বনাশ মাতি আনিব পাৰে। কি কাম কৰিলে বিপদ হ’ব? জন্মাষ্টমীৰ দিনা এইকেইটা কাম ভুলতো নকৰিব।
১) ঘৰত জন্মাষ্টমীৰ পুজা থাকিলে দেৰীকৈ টোপনিৰ পৰা নুঠিব। সম্ভৱ হ’লে গংগাস্নান কৰিব। বগা বস্ত্ৰ পৰিধান কৰক।
২) জন্মাষ্টমীৰ দিনা ভুলতো পূজাঘৰত বাহি ফুল বা আগদিনাৰ ফুল নথব।
৩) ষ্টিলৰ চাকি ব্যৱহাৰ নকৰিব।
৪) ঘৰত জন্মাষ্টমীৰ পুজা থাকিলে পুজা শেষ নোহোৱালৈকে খাদ্য সেৱন নকৰিব।
কি কি কৰা উচিত?
১) জন্মাষ্টমীৰ পুজাত বহোতে বগা বস্ত্ৰ পৰিধান কৰক।
২) শ্ৰী কৃষ্ণৰ পুজাত ফ্ৰেছ ফুল ব্যৱহাৰ কৰিব।
৩) তাম, পিতল নহ’লে মাটিৰ প্ৰদীপ ব্যৱহাৰ কৰিব।
৪) প্ৰসাদত মাখন, মিছৰি ৰাখিবলৈ নাপাহৰিব। প্ৰসাদৰ সৈতে তুলসী পাত দিব।
৫) জন্মাষ্টমীত কৃষ্ণ আৰু বলৰামৰ হাতত ৰাখী বান্ধিব। এনেকৈ ৰাখী বান্ধিলে আপুনি অনায়াসেই বিপদৰ পৰা ৰক্ষা পাব।
৬) জন্মাষ্টমীত শংখৰ মাজত গাখীৰ থ’বলৈ নাপাহৰিব।
৭) ময়ূৰৰ পাখি ঘৰলৈ আনিবলৈ নাপাহৰিব।
৯) সৰু ৰূপৰ বাঁহী এটা ঘৰলৈ আনিব পাৰে। পুজা পাঠ শেষ কৰি সেই বাঁহী নিজৰ বেগত সোমোৱাই থ’ব। তেনেকৈ ৰাখিলে আৰ্থিক দিশত কোনো সমস্যাৰ সন্মুখীন নহয়।
১০) ঘৰলৈ গৰু আনিব পাৰে। ঈশ্বৰৰ কৃপাত আপোনাৰ সমৃদ্ধি বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ