অসম লাইভ ২৪ঃ ১৬ দেৱতাৰ বাসস্থান, ১৩১ কোটি টকাৰে ডুবাইত তৈয়াৰ কৰা হৈছে এই বিশেষ মন্দিৰটো। এই মন্দিৰ দৰ্শনৰ ইচ্ছা থাকিলেও আপুনি দৰ্শন কৰিব নোৱাৰিব। এই মন্দিৰ দৰ্শনৰ বাবে পূৰ্বেই কৰিব লাগিব অনলাইন বুকিং। বুধবাৰে মুকলি কৰা এই মন্দিৰটো আৰবত নিৰ্মাণ হোৱা প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ।
৫ অক্টোবৰত মুকলি কৰা মন্দিৰটোক লৈ এতিয়া সমগ্ৰতে চৰ্চা। ব্যয়বহুল প্ৰাসাদ সদৃশ এই মন্দিৰলৈ যাবলৈ দেশ বিদেশৰ বহু লোকেই আগ্ৰহী হৈ উঠিছে। ডুবাইৰ অন্যান্য পৰ্যটন ক্ষেত্ৰৰ মাজতেই এই মন্দিৰটোও দৰ্শনৰ ব্যৱস্থা কৰিছে ডুবাই চৰকাৰে। আৰৱৰ সবাতোকৈ বৃহৎ হিন্দু মন্দিৰটোত কিয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱণা আছে?
৭০ হাজাৰ বৰ্গফুট এলেকাত নিৰ্মাণ হোৱা মন্দিৰটো নিৰ্মাণ কৰোতে খৰচ হৈছে প্ৰায় ৬০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হ’ব ১৩১ কোটি ৪১ লাখ টকা। ব্যয়বহুল এই মন্দিৰৰ মুল আকৰ্ষণেই হৈছে তাত থকা দেৱতাৰ মূৰ্তিসমূহ। কেৱল কোনো এজন দেৱতাৰ মূৰ্তিয়েই আছে এনে নহয়। ১৬ টা বিভিন্ন দেৱতাৰ মূৰ্তি আছে এই মন্দিৰটোত। মন্দিৰ নিৰ্মাতাৰ মতে হিন্দু ধৰ্মালম্বীসকলৰ সকলো দেৱতাকে একেখন ঘৰতেই ৰখাৰ এই ক্ষুদ্ৰ এক প্ৰয়াস।
২০২০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হোৱা এই মন্দিৰটোৱে বহন কৰিছে আৰৱ আৰু হিন্দু দুয়ো সংস্কৃতিৰেই পৰিচয়। ডুবাইৰ জেবেৰ আলি ‘ওয়াৰচিপ ভিলেজ’ত নিৰ্মাণ হোৱা এই বিশালকায় মন্দিৰটোৰ নিৰ্মাণত বগা মাৰ্বল ব্যৱহাৰ কৰা হৈছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ সৈতে সাদৃশ্য থকা এই মন্দিৰটোৰ গম্বুজে দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ নান্দনিক। মাটিৰ তলত দুটা মহলা আৰুওপৰত দুটি মহলাৰে মুঠ চাৰি মহলাৰ এই মন্দিৰটোৰ আৰু এটা বিশেষত্ব হৈছে, ইয়াত প্ৰতিদিনেই শিকোৱা হ’ব গীতা পাঠ আৰু ভাৰত নাট্যম।
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই এই মন্দিৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে। QR-CODE স্কেন কৰি এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব পৰ্যটকে। জনসাধাৰণৰ বাবে মুকলি কৰাৰ পৰাই ম্নদিৰত দেখা গৈছে দেশী-বিদেশী প্ৰযটকৰ ভীৰ। ভীৰৰ বাবেই শেহতীয়াভাৱে মন্দিৰ কৰ্তৃপক্ষই এটা ৱেবচাইট মুকলি কৰিছে। এই ৱেবচাইটৰ জৰিয়তে পৰ্যটকসকলে টিকট বুক কৰিব পাৰিব। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব এই মন্দিৰ। ভৱিষ্যতে কেৱল QR-CODE স্কেন কৰিয়েই এই মন্দিৰত প্ৰৱেশ কৰিব পৰাৰো ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ