এই বৰ্ষৰ জুলাই মাহত স্বামীক বিয়াৰ সম্পৰ্কৰ পৰা মুক্তি দিছে ডুবাইৰ ৰাজকন্যা শেখ মাহেৰা বিন মহম্মদ বিন ৰছিদ আল মাকতুমে৷ ডুবাইৰ শাসক তনয়াই সামাজিক মাধ্যমযোগে স্বামীক বিবাহবিচ্ছেদ দিছিল৷ সেই ঘটনাৰ ডেৰমাহ পাছত আকৌ চৰ্চালৈ আহিছে ডুবাইৰ ৰাজকুমাৰী৷ তেওঁৰ প্ৰসাধনী সংস্থা মাহেৰা এম ১ য়ে তৈয়াৰ কৰিছে এক নতুন সুগন্ধি৷ নাম দিয়া হৈছে ডিভোৰ্ছ৷ বৰ্তমান পৰ্যন্ত এই সুগন্ধি বজাৰলৈ অহা নাই৷ এই সংস্থাই সংবাদমাধ্যমত জনাইছে যে শীঘ্ৰেই ডুবাইৰ বজাৰলৈ আহিব এই সুগন্ধি৷ কাঁচৰ কলা বটলৰ গাত ইংৰাজীত লিখা আছে ডিভোৰ্ছ৷ সামাজিক মাধ্যমত এনে এখন ছবি পোষ্ট কৰা হৈছে মাহেৰাৰ সংস্থাৰ পেজৰ পৰা৷
এই সুগন্ধিৰ সমগ্ৰ পেকেজিং এনেকৈ কৰা হৈছে নে সেয়া নিশ্চিত নহয়৷ বহুতেই সুগন্ধিৰ দাম জানিবলৈ কৌতূহল প্ৰকাশ কৰিছে৷ এই দামৰ বিষয়েও আপাতত কিছু জনোৱা নাই সংস্থাটোৱে৷ দামৰ ওপৰিও সুগন্ধিৰ এনে নাম লৈয়ো চৰ্চা আৰম্ভ হৈছে৷ বহুতেই কৈছে, সদ্য বিবাহবিচ্ছেদ হোৱা বাবেই সুগন্ধিৰ এনে নাম দিছে মাহেৰাই৷ এনে নামকৰণৰ নেপথ্যত ডিভোৰ্ছেই৷ বিবাহৰ ১০ মাহৰ পাছতেই বিচ্ছেদ হৈছে মাহেৰাৰ৷ তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে৷ সামাজিকমাধ্যমত বিবাহ বিচ্ছেদৰ ঘোষণা বোধহয় বিশ্বত প্ৰথম৷ মাহেৰাৰ ধৰ্মত তিনি তালাক দিয়াৰ নিয়ম আছে৷ এই নিয়ম মানি তেওঁ সামাজিকমাধ্যমতেই তিনিবাৰকৈ বিচ্ছেদৰ কথা ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ