দুৰ্গাপূজালৈ মাজত আৰু বেছিদিন নাই৷ ইতিমধ্যেই বহুতেই পূজাৰ বজাৰো আৰম্ভ কৰিছে৷ বহুতেই পছন্দমতে ক্ৰয় কৰিছে পোছাক৷ কিন্তু পূজাত আপুনি কি ৰঙৰ পোছাক পিন্ধিব? পোছাকক লৈয়ো আছে কেইবাটাও মাহাত্ম্য৷ কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গা সন্তুষ্ট হয়?
শাস্ত্ৰত মা দুৰ্গাৰ ৯টা ৰূপৰ কথা উল্লেখ আছে৷ ৯ৰূপৰ ৯ ৰঙেই পৃথক পৃথক৷ নৱৰাত্ৰি পালনৰ সময়ত পূজাৰ চাৰিদিনৰ পোছাকৰ বিশেষ মাহাত্ম্য আছে৷ এইবাৰ পূজা মাত্ৰ তিনিদিন৷ ষষ্ঠীৰ দিনা মা দুৰ্গাক ক্যাতায়নী ৰূপে পূজা কৰা হয়৷ কাত্যায়নীৰ পছন্দৰ ৰং হৈছে ৰঙা বা হালধীয়া৷ সেয়ে ষষ্ঠীৰ দিনা ৰঙা ৰঙৰ পোছাক পৰিধান কৰাটো শুভ৷ ৰঙা ৰঙৰ পোছাক পিন্ধি মা দুৰ্গাৰ দৰ্শন কৰক৷ ইয়াৰ ফলত মা দুৰ্গাৰ আশীৰ্বাদ পোৱাৰ সম্ভাৱনা থাকে৷
সপ্তমীত দুৰ্গাৰ কালৰাত্ৰি ৰূপৰ পুজা কৰা হয়৷ দুৰ্গাৰ এই ৰূপৰ প্ৰিয় ৰং হৈছে নীলা৷ সেয়ে এইবাৰ সপ্তমীত নীলা ৰঙৰ পোছাক পিন্ধিলে দুৰ্গাৰ আশীৰ্বাদ পাব৷ অষ্টমীত মা দুৰ্গাৰ মহাগৌৰী ৰূপৰ পুজা কৰা হয়৷ মহাগৌৰীৰ প্ৰিয় ৰং গোলপীয়া৷ সেয়ে অষ্টমীৰ সন্ধিয়া নতুন পোছাকৰ ৰং গোলপীয়া হ’লে মা দুৰ্গাৰ কৃপাদৃষ্টি আপুনি পাব৷
মহানৱমীত দুৰ্গাৰ মা সিদ্ধিদাত্ৰী ৰূপৰ পূজা কৰা হয়৷ মাতৃৰ এই ৰূপৰ পছন্দৰ ৰং বেঙুনীয়া৷ নতুন পোছাক কাপোৰো এইদিনটোত বেঙুনীয়া ৰঙৰ হ’লে মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব৷
দশমীত অৱশ্যেই বগা আৰু ৰঙা কাপোৰ পিন্ধক৷ মা দুৰ্গাক বিদায় জনোৱাৰ পূৰ্বে এই ৰঙে সুখ সমৃদ্ধিৰ লক্ষণক বুজায়৷ এই দিনটোত পান পাতেৰে মা দুৰ্গাৰ চকুৰ পানী মুচি মনৰ ইচ্ছাৰ কথা কওক৷ দেখিব আপোনাৰ ইচ্ছাপূৰণ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ