বিগত বৰ্ষৰ দুৰ্গাপূজা অক্টোবৰৰ শেষত অনুষ্ঠিত হৈছিল৷ এই বছৰ কিন্তু তেনে নহয়৷ এই বৰ্ষত শাৰদীয় দুৰ্গোৎসৱ অক্টোবৰৰ প্ৰথমভাগতেই অনুষ্ঠিত হ’ব৷ জানি থওক ২০২৪ চনৰ দুৰ্গাপূজা কেতিয়া পৰিছে? পুজাৰ প্ৰস্তুতি চলোৱাৰ সময় আহি পৰিছে নেকি? এই বছৰ মহালয়া বা সৰ্বপিতৃ অমাবস্যা পালিত হ’ব ২ অক্টোবৰ বুধবাৰে৷ সেইদিনাই পিতৃপক্ষৰ অৱসান হৈ দেৱীপক্ষৰ সূচনা হ’ব৷ ৩অক্টোবৰত দেৱীপক্ষৰ প্ৰতিপদ তিথি৷ সেই দিনটোত শাৰদীয় নৱৰাত্ৰিৰ পুজা আৰম্ভ কৰিব সকলো হিন্দু লোকে৷
২০২৪ৰ শাৰদীয় দুৰ্গাপুজাৰ দিন আৰু ক্ষণ
মহাষষ্ঠী পালিত হ’ব ৯ অক্টোবৰ ২০২৪ বুধবাৰে৷
মহাসপ্তমী পালিত হ’ব ১০ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে৷
মহাষ্টমী পালিত হ’ব ১১ অক্টোবৰ ২০২৪ শুকুৰবাৰে৷
মহানৱমী পালিত হ’ব ১২ অক্টোবৰ ২০২৪ শনিবাৰে৷
বিজয়া দশমী পালিত হ’ব ১২ অক্টোবৰ ২০২৪ শনিবাৰে৷
এই বছৰ নৱমী আৰু দশমী একেদিনাই পালিত হ’ব৷ কোজাগৰী লক্ষ্মীপুজা পালিত হ’ব আগন্তুক ১৭ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে৷ কালিপুজা পালিত হ’ব ৩১ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে৷ ভাইফোঁটা বা ভাতৃদ্বিতীয়া পালিত হ’ব আগন্তুক ৩নৱেম্বৰৰ দেওবাৰে৷ এই বছৰ মহাসপ্তমী বৃহস্পতিবাৰে পৰাৰ বাবে দেৱীৰ আগমন হ’ব দোলা বা পালকিত৷ শাস্ত্ৰই কৈছে যে যদি দেৱী দোলা বা পালকিত আহে তেন্তে ভয়ংকৰ মহামাৰী, আৰু বিপুল প্ৰাণহানীৰ আশংকা থাকে৷ এইবাৰ বিজয়া দশমী শনিবাৰ হোৱাৰ বাবে এই বছৰ দেবী ঘোঁৰাত উভতিব৷ শাস্ত্ৰমতে ইয়াৰ ফলত সামাজিক অস্থিৰতা, ৰাজনৈতিক অস্থিৰতা, সামৰিক অস্থিৰতা বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















