দূৰ্গা পূজাৰ SOP কি কি কৰিব, কি কি নকৰিব, পঢ়ক সবিশেষ-
শাৰদীয় দূৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে কেতবোৰ নীতি-নিৰ্দেশনা-
কৰিবলগীয়া-
১- লাউড স্পীকাৰৰ ব্যৱহাৰ তথা নিয়ম সাৱধানে মানি চলিব
২- সকলো নিয়ম সকলো পূজা কৰ্মকৰ্তাক বুজাই দিব
৩- অস্থায়ীভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জান আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰক
৪- সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত থকা সকলো নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগীতা কৰক
৫- পূজা শান্তিভাৱে পালন কৰাটো নিশ্চিত কৰক
৬- পূজাথলী সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিস্কাৰকৈ ৰাখক
৭- জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ সুকীয়া স্থান নিৰ্দিষ্ট কৰি ৰাখক
৮- চিকিৎসকৰ দল নিশ্চিত কৰি ৰাখক
৯- স্বেচ্ছাসেৱকক সকলো দয়িত্ব অৰ্পনৰ বাবে বুজাই ৰাখক
১০- স্বেচ্ছাসেৱকৰ পৰিচয় কমিটিৰ সৈতে ৰখাৰ লগতে পৰিচয় পত্ৰ দিয়ক
১১- বিশেষ ব্যক্তিৰ আগমণ হ’লে পূজাথলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক জনাই থওক।
১২- মাদকদ্ৰব্যৰ ক্ষেত্ৰত নিষিদ্ধ এলেকা ঘোষণা কৰক
১৩- পূজাৰ অন্তত পূজাথলী পৰিষ্কাৰ কৰাটো নিশ্চিত কৰক
১৪- বলপূৰ্বকভাৱে চান্দা বা বৰঙণি সংগ্ৰহ নকৰিব
১৫- পূজাৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম তালিকা আৰক্ষী থানাত দাখিল কৰক
১৬- সুৰক্ষা আৰু সুচাৰুৰূপে পূজা সমাপনৰ বাবে পুৰুষ আৰু মহিলাৰ প্ৰৱেশ পৃথকে পৃথকে ব্যৱস্থা কৰক
১৭- বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব পূজাথলীত
১৮- চিচি টিভিৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক
১৯- প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিময় মনাটো বাধ্যতামূলক
২০- প্ৰতিমা বিসৰ্জনৰ সময়ত ফটকা ফুটাই সমদল উলিওয়াৰ পৰা বিৰত থাকক
২১- দিনৰ ১১ বজাৰ পাছত হে আৰম্ভ কৰিব বিসৰ্জনৰ কাৰ্য
২২- পূজা সমিতিক পূজা সম্পৰ্কীয় সকলো বেনাৰ-পোষ্টাৰ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যধামূলক।
নকৰিবলগীয়া-
১- ৰাজহুৱা পথৰ ওপৰত পেণ্ডেল নাসাজিব
২- পোষ্টাৰ-বেনাৰ আদি লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্ৰাকৃতিক সম্পদ আদি নষ্ট নকৰিব
৩- ৰাজহুৱা স্থানত কোনো কাৰ্যালয়/বিপনি আদি স্থাপন নকৰিব।
৪- ৰাজহুৱা স্থানত পতাকা, পোষ্টাৰ, কাপোৰ নলগাব
৫- পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি নিদিব
৬- কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ নকৰিব
৭- নিশা ১০ বজাৰ পাছত অনুভাষ যন্ত্ৰ তথা লাউড স্পীকাৰ ব্যৱহাৰ নকৰিব।
৮- পূজা মণ্ডপ বা তোৰণ আদি কোনো বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হব নালাগিব
পূজা সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ফোন নম্বৰো সদৰি কৰিছে –
জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষ- ০৩৬১-২৭৩৩০৫২
আৰক্ষী নিয়ন্ত্ৰণ কক্ষ- ০৩৬১-২৪৬৪৫৫৭, ২৪৬১৫৫৬, ১০০
অগ্নী আৰু জৰুৰীকালীন সেৱা- ০৩৬১- ২৭৩৬৮০, ২৭৩৫৯৩৩
গুৱাহাটী পৌৰ নিগম- ৮৮১১০০৭০০০০, ৭৩৯৯০০৩০০১
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ