অসম লাইভ২৪ঃ বিশেষজ্ঞই প্ৰকাশ কৰা মতে কৰ্কট নিৰ্ণয়ৰ বাবে আধুনিক যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে৷ কেৱল সচেতনতা অৱলম্বন কৰি সময় অনুসৰি পৰীক্ষা কৰাটোৱে গুৰুত্বপূৰ্ণ কথা৷ কৰ্কটে আক্ৰমণ কৰিলে আমাৰ শৰীৰত পোনতে কেইটামান বিশেষ লক্ষণে দেখা দিয়ে৷ এই উপসৰ্গসমূহলৈ লক্ষ্য ৰাখি কৰ্কটৰ পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজন৷ কিন্তু এটা কথা ঠিক যে উপসৰ্গসমূহ থাকিলেও কৰ্কট হ’বই সেই কথা সম্পূৰ্ণৰূপে নিশ্চিতও নহয়৷ কৰ্কটৰ আৰম্ভণিতে কি কি উপসৰ্গই সাধাৰণতে দেখা দিয়ে?
দ্ৰুত ওজন কমা
কোনো কাৰণ অবিহনেই খুব কম সময়ৰ ব্যৱধানত শৰীৰৰ ওজন অত্যাধিক কমি গ’লে সাৱধান হোৱাটো প্ৰয়োজন৷ কিয়নো ইয়ো কৰ্কটৰে এটা উপসৰ্গ৷
ক্লান্তি
দিনজুৰি কাম-কাজ কৰাৰ অন্তত শৰীৰত ক্লান্তি অনুভৱ হয়৷ সেয়া সাধাৰণ কথা৷ প্ৰত্যেক ব্যক্তিয়েই এই ক্লান্তি অনুভৱ কৰেই৷ কিন্তু কৰ্কটৰ বাবে শৰীৰত অনুভৱ কৰা ক্লান্তি কিছু সুকীয়া৷ কোনো কাম নকৰাকৈ পুৱাৰে পৰাই শৰীৰত ক্লান্তভাৱ, কোনো কাম কৰিবলৈকে মন নোযোৱা আদি লক্ষণ কৰ্কটৰ উপসৰ্গ৷ কাৰণ খাদ্যৰ মাধ্যমেৰেহে শৰীৰত ভিটামিন, খনিজ পদাৰ্থ আদি কোষসমূহে লাভ কৰে৷ কিন্তু কৰ্কটে আক্ৰমণ কৰিলে কোষসমূহে সুচাৰুৰূপে কাম কৰিব নোৱাৰাত পৰে৷ ফলত দেহত পুষ্টিৰ অভাৱ ঘটে৷
জ্বৰ
ঋতু পৰিবৰ্তনৰ কাৰণে প্ৰায় সংখ্যকৰে চৰ্দি-জ্বৰ-কাহ আদি হয়৷ ভাইৰেল ফিভাৰ সাধাৰণতে চিনিৰ পৰা ৭ দিনলৈ থাকে৷ এনেকৈ জ্বৰ হোৱাটোত চিন্তাৰ কাৰণ নাই৷ কিন্তু কেইটামান দিন পাছে পাছে জ্বৰ হৈ থাকিলে এয়া কিন্তু কৰ্কটৰ লক্ষণ৷ ঘনাই জ্বৰ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপাৰ ওপৰিও জ্বৰ কেইঘণ্টালৈ থাকে? নিশা জ্বৰ উঠে নে দিনত উঠে এইকেইটা দিশত নজৰ দিয়াটো দৰকাৰ৷
শৰীৰত বিষ
বহু ৰোগৰ প্ৰধান উপসৰ্গ হৈছে শৰীৰত অনুভূত হোৱা বিষ৷ কৰ্কটৰো উপসৰ্গ হৈছে শৰীৰত অনুভূত হোৱা বিষ৷ কোনো কাৰণ নোহোৱাকৈয়ে শৰীৰৰ বিভিন্ন ঠাইত বিষ হ’লে সতৰ্ক হ’ব লাগে৷ চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰিব লাগে৷ সকলোধৰণৰ বিষেই কৰ্কটৰ উপসৰ্গ এনে নহয়৷ কৰ্কটজনিত বিষ সাধাৰণতে কোনো নিৰ্দিষ্ট স্থানত হয়৷ শৰীৰৰ কোনো অংশ টেমুনাৰ দৰে হৈ পৰে৷ ফুলি উঠা স্থানতেই বিষ অনুভুত হয়৷
ছালত পৰিবৰ্তন
মানৱ দেহৰ সৰ্বাধিক বৃহৎ অংগই হৈছে ছাল৷ আমাৰ আভ্যন্তৰত কোনো সমস্যা হ’লে ছালতো পৰিবৰ্তন আহে৷ উদাহৰণ হিচাপে যদি আমি চাওঁ, জণ্ডিছৰ অন্যতম লক্ষণ ছালতহে ধৰা পৰে৷ জণ্ডিছ হ’লে ছাল হালধীয়া হৈ পৰে৷ কিন্তু শুনি আচৰিত হ’ব যে জণ্ডিছ কৰ্কটৰ বাবেও হ’ব পাৰে৷ সেয়ে ছালত কিবা পৰিবৰ্তন আহিলেও পৰীক্ষা কৰোৱাটো অত্যন্ত জৰুৰী৷ আনহাতে যদি ছালত নতুন নতুন তিল বা মাহ আদি ওলাই, আকাৰো বাঢ়ি গৈ থাকে তেন্তে এই বিষয়েও চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ