প্ৰতিটো গ্ৰহই নিজৰ কক্ষপথত ঘূৰি আছে৷ এই কথা আমি সকলোৱে জানো৷ কিন্তু এইবাৰ পৃথিৱীক লৈ চমকপ্ৰদ তথ্য দিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে কৈছে যে নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে পৃথিৱী৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে পৃথিৱী নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে৷ কিন্তু কিয় আঁতৰিব সেই তথ্যও দিছে বিজ্ঞানীয়ে৷ এই সৌৰজগতৰ পৰা বাহিৰলৈ ওলাই যাব পাৰে সূৰ্য৷ যি হাৰত পৃথিৱীৰ দিশলৈ বিভিন্ন গ্ৰহানু বিভিন্ন সময়ত আহিব ধৰিছে সেই গ্ৰহাণুৰ কাষেৰে পাৰ হৈ যোৱা গতিয়ে পৃথিৱীৰ ঘূৰ্ণনত ব্যাঘাত হানিছে৷ আনকি ইয়াৰ ফলত পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা আঁতৰিও যাব পাৰে৷
গৱেষণাৰ পৰা জনা গৈছে যে সৌৰজগতৰ বাহিৰত আৰু সৌৰজগত আছে৷ তাৰপৰা সূৰ্যৰ দৰে কোনো নক্ষত্ৰই যদি নিজৰ ফালে আকৰ্ষণ কৰে তেন্তে তাৰ সকলোতকৈ বেছি প্ৰভাৱ পৰিব পৃথিৱীত৷ এই সূৰ্যই আমাৰ সূৰ্যৰ তুলনাত ১০ হাজাৰ গুণ ডাঙৰ৷ ফলত তাৰ টান বহু বেছি হব৷ সমস্ত সৌৰজগতৰ মাজত পৃথিৱীতেই প্ৰাণ আছে৷ সেয়ে ইয়াৰ পৰিবেশ অন্য গ্ৰহতকৈ পৃথক৷ বিশেষ বৈশিষ্ট্য থকাৰ বাবে পৃথিৱীক নিজৰ দিশলৈ টানি নিব পাৰে সেই সূৰ্যই৷
https://www.ndtv.com/science/earth-could-be-ejected-out-of-the-solar-system-study-warns-8729337
সম্প্ৰতি কেইবাবছৰৰ মাজত প্ৰচুৰ গ্ৰহাণু পৃথিৱীৰ ফালে আহিছে৷ অৱশ্যে গ্ৰহাণুকেইটাই পৃথিৱীক আঘাত কৰা নাই৷ এই ঘটনা কিন্তু সাধাৰণ ঘটনাও নহয়৷ সৌৰজগতত ইয়াৰ বিস্তৃত প্ৰভাৱ পৰিছে৷ সৌৰজগতৰ বাকী গ্ৰহই য’ত গ্ৰহাণুৰ দ্বাৰা ক্ষতিগ্ৰস্থ হয় পৃথিৱীৰ ক্ষেত্ৰত সেয়া নহয়৷ ইয়াৰ প্ৰভাৱ অৱশ্যে পৃথিৱীতো নপৰা নহয়৷ পৃথিৱীৰ কক্ষপথত ইয়াৰ প্ৰভাৱ পৰিছে৷
বুধক সকলোতকৈ আগত সেই সৌৰজগতে টানি নিব পাৰে৷ ইয়াৰপাছতেই বাকী গ্ৰহসমূহ৷ তাৰ পূৰ্বেই কিন্তু পৃথিৱী নিজৰ কক্ষপথ বিচ্যুত হব পাৰে বুলিও জনাইছে বিজ্ঞানীয়ে৷ পৃথিৱী হেৰাই যাব পাৰে মহাশূন্যত৷ অন্য কোনো সূৰ্যলোকৰ অতিথি হৈ পৰিব পাৰে আমাৰ পৃথিৱী৷ অৱশ্যে এয়া সম্ভাৱনাহে৷ এই সময় আহিবলৈ এতিয়াও বহু শ বছৰ বাকী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ