পৃথিৱীৰ পৰিৱেশ আৰু জলবায়ুৰ অৱস্থা ক্ৰমাৎ অধিক চিন্তনীয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে প্ৰকাশ কৰা ‘Planetary Health Check’ প্ৰতিবেদনত পৃথিৱীৰ পৰিৱেশৰ ভয়াৱহ ছবিখন পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, মানুহৰ কাৰ্যকলাপৰ ফলত নিৰ্ধাৰিত ৯ টা গুৰুত্বপূৰ্ণ পৰিৱেশগত সুৰক্ষা সীমাৰ ভিতৰত ৭টা ইতিমধ্যে অতিক্ৰম কৰিছে পৃথিৱীয়ে।
পটছডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিচাৰ্চ (PIK) আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীৰ সহযোগিতাত প্ৰস্তুত কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ স্বাভাৱিকভাৱে আঘাত শোষণ কৰি নিজকে পুনৰ সুস্থ কৰি তোলাৰ ক্ষমতা ক্ৰমাৎ কমি আহিছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন, জীৱবৈচিত্ৰ্যৰ ক্ষতি, পানীৰ সংকট আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতাৰ আশংকা বৃদ্ধি পাইছে।
‘প্লেনেটাৰী বাউণ্ডেৰীজ’ বা গ্ৰহৰ সীমা কি?
বিজ্ঞানীসকলে পৃথিৱীৰ পৰিৱেশক এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰখাৰ ধাৰণাক ‘Planetary Boundaries’ বুলি কয়। এই ৯টা সীমাই মূলতঃ পৃথিৱীৰ পৰিৱেশ ব্যৱস্থা কিমানখিনি পৰিৱৰ্তন সহ্য কৰিব পাৰে, সেই কথা বুজায়। এই সীমাৰ ভিতৰত থাকিলে মানুহৰ সভ্যতাই তুলনামূলকভাৱে নিৰাপদ পৰিৱেশত বিকাশ লাভ কৰিব পাৰে। কিন্তু মানুহৰ কাৰ্যকলাপৰ ফলত এই সীমাসমূহ অতিক্ৰম কৰিলে পৃথিৱীৰ জলবায়ু, মহাসাগৰ, বনাঞ্চল, মাটি আৰু জীৱজগতত এনে পৰিৱৰ্তন হ’ব পাৰে যিবোৰ পিছলৈ ঘূৰাই অনাটো কঠিন বা অসম্ভৱ হৈ পৰিব পাৰে।
কোন ৭টা সীমা ইতিমধ্যে অতিক্ৰম হৈছে?
১. জলবায়ু পৰিৱৰ্তন
কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধন ব্যাপকভাৱে ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাইছে। ঔদ্যোগিক বিপ্লৱৰ পূৰ্বে বায়ুমণ্ডলত CO₂ৰ পৰিমাণ প্ৰায় ২৮০ ppm আছিল। এতিয়া এই পৰিমাণ ৪২৬ ppmৰো অধিক হৈছে। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি, বৰফ গলা, সমুদ্ৰপৃষ্ঠ বৃদ্ধি আৰু চৰম বতৰৰ ঘটনা বৃদ্ধি পোৱাৰ আশংকা বাঢ়িছে।
২. জৈৱ বৈচিত্ৰ্যৰ ক্ষতি
পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু ক্ৰমাৎ বিলুপ্ত হৈ গৈ আছে। বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, অতিমাত্ৰা চিকাৰ আৰু বাসস্থান ধ্বংসৰ বাবে বহু প্ৰজাতি সংকটৰ সন্মুখীন হৈছে। বিজ্ঞানীসকলৰ মতে, প্ৰাকৃতিকভাৱে হ’বলগীয়া বিলুপ্তিৰ তুলনাত বৰ্তমান প্ৰজাতি বিলুপ্তিৰ গতি বহু বেছি।
৩. ভূমি ব্যৱস্থাৰ পৰিৱৰ্তন
মানুহে কৃষিভূমি, নগৰ আৰু উদ্যোগৰ বাবে ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰি আহিছে। বিশেষকৈ আমাজন বৰ্ষাৰণ্যৰ দৰে বৃহৎ অৰণ্যৰ ওপৰত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিছে। বনাঞ্চল কমি যোৱাৰ ফলত কাৰ্বন শোষণৰ প্ৰাকৃতিক ক্ষমতাও হ্ৰাস পাইছে। একে সময়তে মাটিৰ গুণাগুণ আৰু জলচক্ৰতো নেতিবাচক প্ৰভাৱ পৰিছে।
৪. মিঠা পানীৰ সংকট
নদী, হ্ৰদ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা ক্ৰমাৎ বৃদ্ধি পাইছে। কৃষি, উদ্যোগ আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে অত্যধিক পানী আহৰণ কৰাৰ লগতে পানী প্ৰদূষিত কৰিও থকা হৈছে। ইয়াৰ ফলত বহু অঞ্চলত মিঠা পানীৰ উপলব্ধতা কমি আহিছে আৰু জলজ পৰিৱেশ তন্ত্ৰৰ ওপৰতো চাপ বৃদ্ধি পাইছে।
৫. নাইট্ৰ’জেন আৰু ফছফৰাছৰ অত্যধিক ব্যৱহাৰ
কৃষিক্ষেত্ৰত অধিক উৎপাদনৰ বাবে নাইট্ৰ’জেন আৰু ফছফৰাছযুক্ত সাৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। প্ৰতিবেদন অনুসৰি, কৃষিক্ষেত্ৰত নাইট্ৰ’জেনৰ ব্যৱহাৰ নিৰাপদ সীমাৰ প্ৰায় দুগুণ আৰু ফছফৰাছৰ ব্যৱহাৰ প্ৰায় তিনিগুণ পৰ্যন্ত হৈছে। ইয়াৰ ফলত নদী, হ্ৰদ আৰু মহাসাগৰত পুষ্টি পদাৰ্থৰ অতিৰিক্ততা বৃদ্ধি পাই জলজ পৰিৱেশৰ ক্ষতি হ’ব পাৰে।
৬. কৃত্ৰিম ৰাসায়নিক পদাৰ্থ আৰু প্ৰদূষণ
প্লাষ্টিক, কীটনাশক আৰু বিভিন্ন ঔদ্যোগিক ৰাসায়নিক পদাৰ্থে পৃথিৱীৰ মাটি, পানী আৰু বায়ুৰ ওপৰত ক্ৰমাৎ অধিক চাপ সৃষ্টি কৰিছে। বিশেষকৈ PFASৰ দৰে ‘চিৰস্থায়ী ৰাসায়নিক পদাৰ্থ’ সহজে প্ৰাকৃতিকভাৱে নষ্ট নহয়। ফলত এইবোৰ পৰিৱেশত দীৰ্ঘদিন ধৰি থাকিব পাৰে আৰু জীৱজগতৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।
৭. মহাসাগৰৰ অম্লীয়কৰণ
শেহতীয়াকৈ বিজ্ঞানীসকলৰ বাবে আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰিছে মহাসাগৰৰ অম্লীয়কৰণ। মানুহৰ কাৰ্যকলাপৰ ফলত নিৰ্গত CO₂ৰ এটা বৃহৎ অংশ মহাসাগৰে শোষণ কৰে। যোৱা দশকসমূহত মানুহৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইডৰ প্ৰায় ৩০ শতাংশ মহাসাগৰে শোষণ কৰিছে। ইয়াৰ ফলত ঔদ্যোগিক যুগৰ আৰম্ভণিৰ তুলনাত সাগৰৰ পৃষ্ঠৰ pH প্ৰায় ০.১ ইউনিট হ্ৰাস পাইছে। pHৰ এই পৰিৱৰ্তন সৰু যেন লাগিলেও ইয়াৰ পৰিৱেশগত প্ৰভাৱ গুৰুতৰ। অম্লীয় পানীয়ে প্ৰবাল প্ৰাচীৰ, শামুক আদি খোলাযুক্ত জীৱৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত সাগৰীয় খাদ্য শৃংখল আৰু সামগ্ৰিক সামুদ্ৰিক পৰিৱেশ তন্ত্ৰও বিপদৰ সন্মুখীন হ’ব পাৰে।
কোন দুটা সীমা এতিয়াও নিৰাপদ?
৯ টা গ্ৰহীয় সীমাৰ ভিতৰত বৰ্তমান দুটা সীমা তুলনামূলকভাৱে নিৰাপদ অৱস্থাত আছে।
৮. অ’জন স্তৰ
অ’জন স্তৰ পৃথিৱীক সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে। ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC) আদি ক্ষতিকাৰক গেছৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বই মণ্ট্ৰিয়েল প্ৰট’কল গ্ৰহণ কৰাৰ পিছত অ’জন স্তৰৰ অৱস্থা উন্নত হৈছে। ইয়াৰ পৰা প্ৰমাণ হয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সঠিক পৰিৱেশ নীতিৰ জৰিয়তে পৃথিৱীৰ ক্ষতি হোৱা কোনো পৰিৱেশ ব্যৱস্থা পুনৰ উন্নত কৰাৰ সম্ভাৱনা আছে।
৯. বায়ুমণ্ডলীয় এৰ’ছল
বায়ুমণ্ডলত থকা সূক্ষ্ম কণা বা এৰ’ছলৰ পৰিমাণকো গ্ৰহীয় সীমাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বিশ্বব্যাপী ইয়াৰ অৱস্থা এতিয়াও নিৰাপদ সীমাৰ ভিতৰত বুলি ধৰা হৈছে। অৱশ্যে, অধিক উদ্যোগিক আৰু প্ৰদূষিত অঞ্চলত এৰ’ছলৰ মাত্ৰা স্থানীয়ভাৱে বিপজ্জনক হৈ থাকিব পাৰে।
আমাজন বনাঞ্চলক লৈও চিন্তা
পৃথিৱীৰ বনাঞ্চল আৰু মহাসাগৰক প্ৰাকৃতিক ‘কাৰ্বন ছিংক’ বুলি কোৱা হয়। অৰ্থাৎ এইবোৰে বায়ুমণ্ডলৰ পৰা CO₂ শোষণ কৰি জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই প্ৰাকৃতিক কাৰ্বন শোষণ ক্ষমতা দুৰ্বল হৈ পৰাৰ আশংকা দেখা দিছে। বিশেষকৈ আমাজন বৰ্ষাৰণ্যক লৈ বিজ্ঞানীসকল চিন্তিত। বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন অধিক বৃদ্ধি পালে আমাজনৰ কিছুমান অংশ শুকান হৈ পৰিব পাৰে। তেনে পৰিস্থিতিত বনাঞ্চলে আগৰ দৰে CO₂ শোষণ কৰাৰ পৰিৱৰ্তে বায়ুমণ্ডললৈ অধিক কাৰ্বন মুকলি কৰাৰ আশংকাও থাকিব পাৰে।
আশাত বন্দী পৃথিৱী!
পৃথিৱীৰ পৰিৱেশৰ অৱস্থা উদ্বেগজনক হ’লেও বিজ্ঞানীসকলে কয় যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই। অ’জন স্তৰৰ ক্ষেত্ৰত বিশ্বই যি উন্নতি লাভ কৰিছে, সেয়া ইয়াৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বৈজ্ঞানিক সিদ্ধান্ত আৰু কঠোৰ পৰিৱেশ নীতি গ্ৰহণ কৰিলে ক্ষতিগ্ৰস্ত পৰিৱেশ ব্যৱস্থাক পুনৰ উন্নত কৰাৰ সুযোগ আছে। কিন্তু তাৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা, বনাঞ্চল ধ্বংস বন্ধ কৰা, পানীৰ সঠিক ব্যৱহাৰ কৰা, কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আৰু প্লাষ্টিক তথা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ প্ৰদূষণ কমোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
পৃথিৱীৰ ৯টা গুৰুত্বপূৰ্ণ পৰিৱেশগত সুৰক্ষা সীমাৰ ৭টা ইতিমধ্যে অতিক্ৰম কৰাটো মানৱ সভ্যতাৰ বাবে এক ডাঙৰ সতৰ্কবাণী। ইয়াৰ অৰ্থ এইটো নহয় যে পৃথিৱী তৎক্ষণাত বাসযোগ্য হৈ নপৰিব; কিন্তু ই স্পষ্টকৈ দেখুৱাইছে যে মানুহৰ বৰ্তমানৰ কাৰ্যকলাপে পৃথিৱীৰ স্বাভাৱিক ভাৰসাম্যৰ ওপৰত কিমান ডাঙৰ চাপ সৃষ্টি কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















