প্ৰতিমাহত ৫০ হাজাৰ টকা আয় কৰা ব্যক্তিৰ বাবে ৫০ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰা কঠিন বুলি ধাৰণা হয় বহুতৰে মনত৷ কিন্তু এয়া অসম্ভৱো নহয়৷ সঠিক পৰিকল্পনা আৰু নিয়মিত বিনিয়োগৰ মাধ্যমেৰে এই লক্ষ্য সহজেই অৰ্জন কৰা সম্ভৱ৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই ক্ষেত্ৰত শৃংখলা আৰু ধৈৰ্য্যই সকলোতকৈ ডাঙৰ ভূমিকা পালন কৰে৷ আপুনি যদি সোনকালে বিনিয়োগ আৰম্ভ কৰে তেন্তে কম্পাউণ্ডিঙৰ সুবিধা দ্ৰুত পোৱা যায়৷
লক্ষ্য নিৰ্ধাৰণ কৰাই সকলোতকৈ জৰুৰী
সকলোৰে আগত এই কথা বুজাটো প্ৰয়োজন যে ১০বছৰত ৫০ লাখ টকা তৈয়াৰ কৰিবলৈ হলে আপুনি প্ৰতি বছৰে প্ৰায় ৫ লাখ টকাৰ বিনিয়োগ বৃদ্ধি কৰা দৰকাৰ৷ ইয়াৰ বাবে আপুনি আপোনাৰ আয়ৰ এটা অংশ নিয়মিতভাৱে বিনিয়োগ কৰিব লাগিব৷ লক্ষ্য নিৰ্ধাৰণ নকৰি বিনিয়োগ কৰিলে সেয়া বহু সময়ত ভুল পথলৈ যোৱাৰ সম্ভাৱনা থাকে সেয়ে স্পষ্ট টাৰ্গেট থকা অত্যন্ত জৰুৰী৷
SIP ত তৈয়াৰী হয় শক্তিশালী ফাণ্ড
বেতনভোগীসকলৰ বাবে মিউচুৱেল ফাণ্ড SIP সকলোতকৈ ভাল বিকল্প হিচাপে ধৰা হয়৷ আপুনি যদি আপোনাৰ ৫০ হাজাৰ টকা দৰমহাৰ ভিতৰত প্ৰায় ২০ হাজাৰ টকা প্ৰতি মাহে এছ আই পিত বিনিয়োগ কৰে তেতিয়া এক শক্তিশালী সূচনা হব৷ ইক্যুইটি মিউচুৱেল ফাণ্ডে দীৰ্ঘম্যাদত ভাল ৰিটাৰ্ণ দিব পাৰে৷ যাৰ ফলত আপোনাৰ ধন দ্ৰুত বৃদ্ধি পাব৷
ষ্টেপ আপ SIPতেই বাঢ়িব গতি
কেৱল বিনিয়োগ কৰিলেই যথেষ্ট নহয়, প্ৰতি বছৰে সেই বিনিয়োগ বঢ়োৱাটোও জৰুৰী৷ আপোনাৰ দৰমহা যিমান বাঢ়িব সিমানেই SIPৰ পৰিমাণো বাঢ়িব৷ ইয়াকেই কোৱা হয় ষ্টেপ আপ SIP৷ আপুনি যদি প্ৰতিবছৰে মাত্ৰ ৩শতাংশকৈ বিনিয়োগ বঢ়াই তেন্তে ১০ বছৰত আপোনাৰ ফাণ্ডত ৫০ লাখ টকাতকৈ বেছি জমা হব পাৰে৷
খৰচ নিয়ন্ত্ৰণত থকা জৰুৰী
প্ৰতিমাহে ২০ হাজাৰ টকা বিনিয়োগ কৰাৰ বাবে আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ এক সঠিক বাজেট তৈয়াৰ কৰক আৰু অপ্ৰয়োজনীয় খৰচ কমাওক৷ ক্ৰেডিট কাৰ্ডৰ অতিৰিক্ত ব্যৱহাৰ বা ব্যয়বহুল ঋণৰ পৰা বিৰত থাকক৷ কাৰণ এইসমূহে আপোনাৰ সঞ্চয়ক ক্ষতি কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ