অসম লাইভ২৪ঃ অত্যাধিক চেনী খালে কি হয় বুলি বহুতেই প্রশ্ন উত্থাপন কৰে৷
অতিৰিক্ত পৰিমানে চেনী খালে এণ্ড্ৰোজেনৰ পৰিমান বাঢ়ি যায়৷ যাৰ ফলত ছালত শালমাইনাই দেখা দিয়ে৷
অত্যাধিক চেনীযুক্ত খাদ্য গ্ৰহণ কৰিলে শৰীৰত অন্য পুষ্টিৰ অভাৱ ঘটে৷ যাৰ ফলত শৰীৰত ক্লান্তিভাৱ আহে৷
চেনীয়ে শৰীৰত উচ্চ ৰক্তচাপৰ সৃষ্টিও কৰিব পাৰে৷
চেনীয়ে মেদবহুলতাৰ সমস্যাও সৃষ্টি কৰে৷
হৰমনতো প্ৰভাৱ পেলাই চেনীয়ে৷ যাৰ বাবে মুড শ্বুয়িঙৰ দৰে সমস্যাই দেখা দিয়ে৷
বেছি চেনীযুক্ত খাদ্য খালে গাঁঠিৰ বিষ, বাত বিষৰ সমস্যা বৃদ্ধি হ’ব পাৰে৷
চেনীয়ে নিদ্ৰাহীনতাৰ সমস্যাও বৃদ্ধি কৰে৷ পেটৰ সমস্যাই দেখা দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ