অসম লাইভ২৪ঃ পিতৃৰ মৃত্যু হৈছে৷ সন্তানে সৎকাৰৰ সকলো যাৱতীয় যোগাৰ কৰিছে৷ যো-জা চলি থাকোতেই সংঘটিত হ’ল আজৱ কাণ্ড৷ কফিনত ভৰাবলৈ পিতৃৰ মৃতদেহটো আনিবলৈ যাওঁতেই নিৰ্দিষ্ট স্থানত মৃতদেহটো নাপালে পূত্ৰই৷ ৯০ বছৰীয়া পি ক্ৰুপা ৰাওৰ মৃতদেহটো হঠাতেই হেৰাই যোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু হঠাৎ ক’ত হেৰাল বৃদ্ধৰ মৃতদেহ?
পৰিয়ালে দাঙি ধৰা মন্তব্যত উল্লেখ থকা মতে, ক্ৰুপা ৰাওৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছিল৷ বৃদ্ধৰ তিনি পুত্ৰ কৰ্মসূত্ৰে বাহিৰত থাকে৷ সেয়ে মৃতদেহটো পুত্ৰ অহালৈকে মৃতদেহটো ভালধৰণ ৰাখিবৰ বাবে মৰ্গতেই ৰখাৰ ব্যৱস্থা কৰে পৰিয়ালৰ আনসকল লোকে৷ সোমবাৰে মৃতদেহটো কবৰ দিবলৈ শ্মশানৰ সৈতে যোগাযোগ কৰি শ্মশানলৈ দেহটো আনিবলৈ গৈয়েই তিনি পুত্ৰ সন্মুখীন হ’ল বিশেষ পৰিস্থিতিৰ৷ মৃতদেহটো মৰ্গৰ থোৱা স্থানত নাছিল৷ মৰ্গ কৰ্তৃপক্ষও ঘটনাটোত চিন্তিত হৈ পৰিল৷ ইপিনে পৰিয়ালৰ লোকে মৃতদেহটো নাপায় তাপসীয়া আৰক্ষী চকিত এজাহাৰ তৰে৷
আৰক্ষীয়েও গোচৰৰ ভিত্তিতেই তদন্ত কৰি অৱশেষত কলকাতাৰ নিম্নতলা শ্মশানৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো৷ কিন্তু কেনেকৈ মৰ্গৰ পৰা শ্মশানলৈ আহিল মৃতদেহটো? শ্মশানত মৃতদেহটো দাহ কৰাৰ বাবে যাৱতীয় কাৰ্যও সমাপন হৈছিল৷ মাত্ৰ ১০ মিনিট সময়ৰ দেৰী হ’লেই হয়তো বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নগ’ল হেতেন৷
উল্লেখ্য যে বৃদ্ধৰ মৃতদেহটো সাত্যকি ভট্টাচাৰ্যৰ মৃতদেহ বুলিয়েই নিম্নতলা শ্মশানলৈ লৈ যোৱা হৈছিল৷ তপসিয়া মৰ্গৰ দায়িত্বহীনতাৰ বাবেই বৃদ্ধৰ মৃতদেহটো নিম্নতলা শ্মশান পাইছিলগৈ বুলি অভিযোগ আনিছে বৃদ্ধগৰাকীৰ পৰিয়ালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ