অসম লাইভ২৪ঃ অস্কাৰৰ দৌৰত আগুৱাইছে ভাৰতীয় চিনেমা ‘দ্যা কাশ্মীৰ ফাইলছ’৷ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰা মতে ২০২৩ চনৰ অস্কাৰৰ দৌৰত তেওঁৰ ছবি দ্যা কাশ্মীৰ ফাইলছ জিলিকি উঠিবই৷ পৰিচালক বিবেকে টুইট কৰা অনুযায়ী ‘দ্যা কাশ্মীৰ ফাইলছ’ একাডেমী এৱাৰ্ডত প্ৰথম স্থান দখল কৰিছেই৷ ভাৰতৰ পৰা বাছনি কৰা পাঁচখন ছবিৰ ভিতৰত আছে কাশ্মীৰ ফাইলছ৷
বিবেক অগ্নিহোত্ৰীয়ে টুইটতো কৰাৰ পাছতেই বহুতেই তেওঁক অভিনন্দনো জ্ঞাপন কৰিছে৷ ইপিনে অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত বিবেক অগ্নিহোত্ৰীয়ে কয় যে এয়া মাত্ৰ আৰম্ভনিহে৷ এতিয়াও বাকী আছে বহুবাট৷ আমাক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন৷
উল্লেখ্য যে ১৯৯০ চনত কাশ্মীৰত কাশ্মীৰি পণ্ডিতসকলৰ দুৰ্দশাৰ কথাবোৰেই ছবিখনত প্ৰতিফলিত হৈছে৷ বিগত বৰ্ষৰ মাৰ্চ মাহত এই ছবিখনে মুক্তিলাভ কৰিছিল৷ অনুপম খেৰ, দৰ্শন কুমাৰ, মিঠুন চক্ৰবৰ্তী, পল্লবী যোশীকে ধৰি বহু জনপ্ৰিয় অভিনেতাই ছবিখনত অভিনয়ো কৰিছে৷ বহুসংখ্যকে ছবিখনক সমালোচনা কৰিলেও দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ বহু নেতাই ছবিখনৰ প্ৰশংসা কৰাও দেখা গৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ