অসম লাইভ২৪ঃ পাকিস্তানত খাদ্য সামগ্ৰীৰ ভয়ংকৰ নাটনি৷ এক প্ৰকাৰ শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত৷ খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানৰ জনতাই৷ এটা আটাৰ বস্তাৰ বাবে মাৰপিট গ্ৰাহকৰ৷ দেশখনৰ বিভিন্ন প্ৰান্তত দেখা দিছে ঘেঁহুৰ নাটনিয়ে৷ আকাশলংঘী হৈছে আটাৰ দাম৷ আটাৰ ব্যাপক নাটনি দেখা গৈছে দেশখনত৷
কাৰাচীত প্ৰতি কেজি আটাৰ মূল্য হৈছেগৈ ১৬০ টকা৷ ইছলামাবাদ, পেছুৱাৰা আদিতো দেখা গৈছে আটাৰ নাটনি৷ ১০ কেজি এটা আটাৰ বেগৰ দাম হৈছেগৈ ১৫০০ টকা৷ খাদ্যৰ আকাশলংঘী মূল্যৰ বাবে বিপদত পৰিছে পাকিস্তানৰ শ্বাহ্বাজ শ্বৰিফ চৰকাৰ৷
ৰাছিয়াৰ সহায় বিচাৰিবলগীয়া হৈছে পাকিস্তানে৷ পাকিস্তানৰ কেইটামান দৃশ্যই ফুটাই তুলিছে দেশখনত কিমান নাটনি হৈছে খাদ্যসামগ্ৰীৰ৷ এটা আটাৰ বস্তাৰ বাবে টনা-আঁজোৰা একাংশৰ৷ আটা বস্তাটোৰ বাবে হতাহতিত লিপ্ত হৈছে লোকসকল৷ বেলুচিস্তানত অধিক ভয়াৱহ হৈছে খাদ্য সংকট৷ আটা বিতৰণ কৰিবলৈ যোৱা বাহনৰ সমীপত দেখা গৈছে বিশৃংখল দৃশ্য৷ আটা ভৰ্তি বাহনক এছকৰ্ট প্ৰদানৰ বাবে নিয়োগ কৰিব লগা হৈছে সশস্ত্ৰ বাহিনী৷ ভাইৰেল হোৱা পাকিস্তানৰ এই দৃশ্য বিশ্বজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ