অসম লাইভ ২৪ঃ অসম বিধানসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা৷ ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ৫টা সমষ্টিত হ’ব উপ নিৰ্বাচন৷ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব ১ অক্টোবৰত আৰু মনোয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ৷ বৰ্তমানেও ঘোষণা হোৱা নাই মাজুলীৰ উপ-নিৰ্বাচনৰ দিন৷ সৰ্বানন্দ সোণোৱালে ত্যাগ কৰা নাই বিধায়ক পদ৷ গোসাঁইগাঁও, তামুলপুৰ, ভবানীপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত হ’ব উপ-নিৰ্বাচন৷ ফলাফল ঘোষণা কৰিব ২ নবেম্বৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ