অসম লাইভ২৪ঃ ঈদৰ দিনা শত্ৰুতা পাহৰি পাকিস্তানে নাম লৈছে ভাৰতৰ। ঈদৰ শুভেচ্ছা বাৰ্তা দি টুইট কৰিছে পাকিস্তানৰ হাই কমিছনে। টুইটযোগেই সম্প্ৰীতিৰ বাৰ্তা দিছে ইছলামাবাদে। শনিবাৰে ঈদৰ শুভেচ্ছা জনাই কি লিখিলে দিল্লীৰ পাক হাই কমিছনে? শুভেচ্ছা বাৰ্তাটোত লিখা আছে, ‘পাকিস্তান, ভাৰত আৰু সমগ্ৰ বিশ্বৰ মুছলমান ভাই-ভনীসকলক ঈদৰ শুভেচ্ছা জনাইছো।’
https://twitter.com/PakinIndia/status/1649416871303626752?s=20
অন্যহাতে ঈদৰ শুভেচ্ছা জনাই টুইট কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। সকলোকে ঈদ মোবাৰক বুলি জনাইছে কংগ্ৰেছ নেতা শশী থাৰুৰেও। শুকুৰবাৰে নিশা ঈদৰ জোন দেখাৰ পাছতেই দেশজুৰি ঈদৰ উছাহ। ঈদ উপলক্ষ্যে সজাই তোলা হৈছে প্ৰায় সকলোবোৰ মছজিদো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ