অসম লাইভ২৪ঃ টুইটাৰক এক্স লৈ ৰূপান্তৰ কৰাৰ পাছতেই চৰ্চাত আছে এলন মাস্ক৷ এক্সত এটাৰ পাছত আনটো সালসলনি৷ এইবাৰ কিন্তু এক্সতকৈয়ো আন এক বিষয়কলৈহে চৰ্চা হৈছে এলনৰ৷ এখন বিশেষ ফটো৷ ফটোখনক লৈ প্ৰায় প্ৰত্যেক ইউজাৰকাৰীয়ে নিজা নিজা মন্তব্য দাঙি ধৰিছে৷ এলন এইবাৰ যমজ সন্তানৰ পিতৃ হ’ল৷
এলন মাস্কক দেখা গ’ল যমজ সন্তানৰ সৈতে
সামাজিক মাধ্যমত এখন ফটো খুবেই ভাইৰেল হৈ আছে৷ ভাইৰেল ফটোখনত এলন মাস্কৰ কোলাত দেখা গৈছে এহাল যমজ সন্তান৷ যমজ সন্তান দুটিৰ বয়স খুব সম্ভৱ ১৬ মাহ৷ যমজ সন্তানেই নহয় এলনৰ কাষত আছে এগৰাকী সুন্দৰী যুৱতীও৷ সুন্দৰী যুৱতীগৰাকীৰ নাম শিৱান জিলিছ৷
এলনৰ আত্মজীৱনী লিখি থকা লেখক ৱাল্ডাৰ ইছাকচনে পোনতে এই ছবি সামাজিক মাধ্যমত পষ্ট কৰিছিল৷ এই ফটোখনৰ সৈতে তেওঁ কিছু তথ্যও শ্বেয়াৰ কৰিছে৷ ইছাকচনে লিখিছে, ‘এই ফটোখন তোলাৰ সময়ত এই যমজ শিশুদ্বয়ৰ বয়স আছিল ১৬ মাহ৷ সেই সময়ত মাস্ক টেক্সাছৰ অষ্টিনত জিলিছৰ ঘৰত আছিল৷’ উল্লেখ্য যে এই সন্তানদ্বয়ৰ পিতৃ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই লেখক ইছাকচনে৷ কিন্তু তেওঁ জনোৱা তথ্যমতে শিৱান জিলিছে ২০২১ চনত আইভিএফৰ জৰিয়তে মাতৃ হৈছে৷
কেইগৰাকী সন্তান আছে এলন মাস্কৰ?
এলন মাস্কৰ পূৰ্বৰ ৭ টা সন্তান আছে৷ কিন্তু এই দুই যমজ সন্তান যদি এলনৰ নিজা তেন্তে এলন বৰ্তমানলৈ ৯ টা সন্তানৰ পিতৃ হৈছে৷ মাস্কৰ পূৰ্বৰ পত্নী জাষ্টিন বিলছনৰ তৰফৰ পৰা ৫টা সন্তান আছে এলনৰ৷ আনহাতে তেঁওৰ প্ৰেয়সী কানাডিয়ান সংগীতজ্ঞ গ্ৰাইমছৰ পৰা দুটা সন্তান আছে এলন মাস্কৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ