অসম লাইভ ২৪ঃ মাজে মাজে কিছু অদ্ভুত কাৰ্যকলাপ কৰে বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কে। এনে অদ্ভুত কাৰ্যকলাপৰ কথা সাধাৰণ মানুহে ভাৱিব নোৱাৰে। বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কক এইবাৰ দেখা গৈছে এগৰাকী বিক্ৰেতাৰ ৰূপত। পাৰফিউম বিক্ৰেতা বুলি নিজকে পৰিচয় দিছে এলন মাস্কে।মাস্কে নিজেই টুইটাৰত এই কথা উল্লেখ কৰি লিখিছে, ‘মই এতিয়া পাৰফিউম বিক্ৰেতা। বাৰ্নেট হেয়াৰ নামেৰে এটি পাৰফিউম ব্ৰেণ্ড মুকলি কৰিছো। এই পাৰফিউম বিশ্বৰ আটাইতকৈ সুগন্ধি পাৰফিউমবোৰৰ মাজৰে এটা।’
Burnt Hair-নামৰ পাৰফিউমটো সম্পৰ্কে টুইটাৰত মাস্কে প্ৰকাশ কৰা অনুসৰি এই পাৰফিউমটো Omnigender, অৰ্থাৎ পুৰুষ-মহিলা, ট্ৰান্সজেণ্ডাৰ সকলোৱেই এই পাৰফিউম ব্যৱহাৰ কৰিব পাৰে। এই পাৰফিউমৰ দামো প্ৰকাশ কৰিছে মাস্কে। এই পাৰফিউমৰ এটা বটলৰ দাম ১০০ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ৮,৪০০ টকা। আনহাতে অনলাইনযোগে ক্ৰয় কৰিলে দিব লাগিব এক্সট্ৰা শ্বিপিং চাৰ্জো। ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তেও এই পাৰফিউম ক্ৰয় কৰিব পাৰে। ক্ৰিপ্তকাৰেন্সিৰ জৰিয়তে ক্ৰয় কৰিবলৈ হ’লে শ্বিপিং চাৰ্জ দিব লাগিব ৩,০০০ টকা।
প্ৰথমে সকলোৱেই ধাৰণা কৰিছিল যে এলন মাস্কে নিজকে বিক্ৰেতা বুলি টুইটাৰত ধেমেলীয়া পষ্ট দিছে। ৰসিকতাৰেই মাস্কে পষ্টত লিখিছিল, ‘ দয়া কৰি মই মুকলি কৰা পাৰফিউমটো কিনক। যাতে এই টকাৰে মই টুইটাৰ ক্ৰয় কৰিব পাৰো।’ কিন্তু এয়া মাস্কৰ ধেমালী নাছিল, সেই কথা স্পষ্ট হৈ পৰিছে। টুইটাৰৰ জৰিয়তে মাস্কে প্ৰকাশ কৰা অনুসৰি মাস্কে এদিনতেই ২০ হাজাৰৰো অধিক পাৰফিউম বিক্ৰি কৰিছে। একাধিক মিডিয়া ৰিপৰ্টে দাবী কৰা অনুযায়ী মাস্কে বৰ্তমানলৈ পাৰফিউম বিক্ৰি কৰি ৪ কোটি টকাৰো অধিক ধন লাভ কৰিছে।
উল্লেখ্য যে, টেছলাৰ মালিক, SPACE-X-ৰ CEO মাস্কে ছেপ্টেম্বৰ মাহত পাৰফিউমৰ কথা টুইটাৰত উল্লেখ কৰিছিল। কিন্তু মাস্কে প্ৰায় প্ৰতিসময়তে ধেমেলীয়া পষ্ট শ্বেয়াৰ কৰি থকাৰ বাবে প্ৰায়সংখ্যকেই এইয়াও মিম বুলিয়েই ধাৰণা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ