অসম লাইভ ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱাল পুনৰ এবাৰ চৰ্চাৰ শিখৰত। ভাল কামেৰে সদা-সৰ্বাদা ৰাইজৰ মনত স্থান লাভ কৰা অৰবিন্দ কেজৰিৱালক এইবাৰ অন্য এটা বিষয়েহে আনিছে চৰ্চাৰ শিখৰলৈ। অৰবিন্দ কেজৰিৱালে টুইটাৰত এগৰাকী পৰ্ণষ্টাৰক FOLLOW কৰাক লৈ আৰম্ভ হৈছে চৰ্চা। সহজ-সৰল ভেশেৰে ঘূৰি ফুৰা কেজৰিৱালৰ কি হৈছে, বুলি টুইটাৰত বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।
অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰি বহুতেই বহুধৰণে সামাজিক মাধ্যমত পষ্ট দিয়াৰ সময়তে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। বহুদিনৰে পৰাই কেজৰিৱালে ESMEE নামৰ পৰ্ণষ্টাৰ গৰাকীক FOLLOW কৰি আহিছে।
ESMEE-ক FOLLOW কৰা এই টুইটাৰ একাউণ্টটো প্ৰকৃততে কেজৰিৱালৰ নে সেই কথাইয়ো লাভ কৰিছে চৰ্চা। কিয়নো কেজৰিৱালৰ নামেৰে টুইটাৰত বৰ্তমানো বহুকেইটা একাউণ্ট আছে। শেহতীয়াভাৱে ESMEE-ক FOLLOW কৰা একাউণ্টটোতো ১ লাখ ২৭ হাজাৰৰো অধিক অনুৰাগী আছে। ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কেজৰিৱালে FOLLOW কৰা একাউণ্টটোৰ পূৰ্বতে নাম আছিল ৱেষ্টেড ভিডিঅ’ছ। বিভিন্ন কমেডি ভিডিঅ’ শ্বেয়াৰ কৰা এই একাউণ্টটোৰ গৰাকীয়ে এতিয়া নাম সলনি কৰি একাউণ্টটো ESMEE-ৰ নামেৰে নামকৰণ কৰিছে।
উল্লেখ্য যে, কেজৰিৱালে FOLLOW কৰা এই একাউণ্টটো এতিয়া এটা প্ৰাইভেট একাউণ্ট। Only friend বুলি থকা টুইটাৰ একাউণ্টত এডাল্ট ভিডিঅ’ হে শ্বেয়াৰ হয় বুলিও একাংশ নেটিজেনে উল্লেখ কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ