অসম লাইভ২৪ঃ আচৰিত কাণ্ড। দেশৰ মহানগৰসমূহত খাদ্য অৰ্ডাৰ দিব পৰা এপ Swiggy-য়ে এতিয়া বিশেষভাৱে বজাৰ দখল কৰিছে। প্ৰায়সংখ্যক লোকেই Swiggy-ত খাদ্য অৰ্ডাৰ দিয়াটো অভ্যাসতেই পৰিণত হৈছে। কিন্তু শুনি আচৰিত হ’লেও Swiggy-ৰ ডেলিভাৰী সম্পৰ্কে ওলোৱা নতুন সমীক্ষাত পোৱা তথ্য মতে খাদ্যতকৈ Swiggy-ত আটাইতকৈ বেছি কণ্ডমহে অৰ্ডাৰ কৰিছে প্ৰায়সংখ্যক লোকেই।
কোনখন মহানগৰত Swiggy-ৰ জৰিয়তে সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰা হৈছে সেই সম্পৰ্কেও Swiggy-য়ে কৰা গৱেষণাত পোহৰলৈ আহিছে সকলো কথা। মায়ানগৰী মুম্বাইত Swiggy-ৰ পৰা সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰা হৈছে। সম্প্ৰতি Swiggy-য়ে খাদ্যৰ ওপৰিও একোজন ব্যক্তিৰ নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰতেই উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। নিত্যপ্ৰয়োজনীয় সামগ্ৰী সৰ্বাধিক কি কি ব্যক্তি একোজনক প্ৰয়োজন হয় সেই সম্পৰ্কে সমীক্ষা চলাইছিল Swiggy-য়ে। প্ৰধানকৈ মুম্বাই, দিল্লী, হায়দৰাবাদ, চেন্নাইত চলোৱা সমীক্ষাতেই পোহৰলৈ আহিছে এই তথ্য।
মায়ানগৰী মুম্বাইত সৰ্বাধিক কণ্ডম অৰ্ডাৰ কৰাৰ বিপৰীতে অন্যান্য চহৰ সমূহত চেনিটাৰী নেপকিন আদি প্ৰয়োজনীয় সামগ্ৰী সৰ্বাধিক অৰ্ডাৰ দিয়া হৈছে বুলি উল্লেখ কৰিছে Swiggy-য়ে। আনহাতে মুম্বাইত ২০২১ বৰ্ষৰ তুলনাত ২২ বৰ্ষত ৫৭০গুণ অধিক কণ্ডম ক্ৰয় কৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে।
উল্লেখ্য যে, এই বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈ ৪২ শতাংশ আইছক্ৰীমো অৰ্ডাৰ কৰিছে মুম্বাইবাসীয়ে। ইয়াৰ পিছতেই অৰ্ডাৰৰ তালিকাত সৰ্বাধিক অৰ্ডাৰ কৰা খাদ্য হৈছে কণী। বাংগালুৰু, দিল্লী, মুম্বাইৰ লোকে প্ৰায় ৫০ মিলিয়ন কণী অৰ্ডাৰ কৰিছে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলিও কিছু পৰিমানে অৰ্ডাৰ কৰা বুলি সমীক্ষাৰ অন্তত প্ৰকাশ কৰিছে Swiggy-য়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ