অসম লাইভ ২৪ঃ এতিয়াৰে পৰা Z+ নিৰাপত্তাবেষ্টনীৰ মাজত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে এই নিৰাপত্তা বেষ্টনী। পূৰ্বে Z কেটাগৰীৰ নিৰাপত্তাবেষ্টনীত আছিল মুখ্যমন্ত্ৰীগৰাকী। কিন্তু শেহতীয়াভাৱে হায়দৰাবাদৰ গনেশ চতুৰ্থীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে নিৰাপত্তাৰ প্ৰসংগ উত্থাপিত হৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীক Z+ নিৰাপত্তা দিয়াৰ বিষয়ে পৰ্যালোচনা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।
Z+ নিৰাপত্তাবেষ্টনী ভাৰতৰ দৰে বিশাল দেশত বৰ্তমানো মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিয়েহে এতিয়ালৈ লাভ কৰিছে। বৰ্তমানলৈ দেশৰ প্ৰায় ৪০ গৰাকীয়ে ব্যক্তিয়ে লাভ কৰিছে Z+ নিৰাপত্তাবেষ্টনী। ৪০ গৰাকীৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথ, ৰাহুল গান্ধী, ছোনীয়া গান্ধী, অৰবিন্দ কেজৰীৱাল, মুকেশ আম্বানী, ৰাজনাথ সিঙক আদি কৰি শেহতীয়াভাৱে এই তালিকাত সন্নিবিষ্ট হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো নাম।
উল্লেখ্য যে একোজন ব্যক্তিৰ বাবে দিয়া Z+ নিৰাপত্তাবেষ্টনীত প্ৰতিমাহে প্ৰায় ২০ লাখ টকা খৰছ হয়। য’ত নিয়োজিত হৈ থাকে ১০ গৰাকী কামাণ্ডো, ৫খনকৈ বুলেট প্ৰুফ গাড়ীৰ লগতে প্ৰায় ১৫ গৰাকী দক্ষ আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এতিয়াৰে পৰা লাভ কৰিব এই সমূহ সা-সুবিধা। আনহাতে যদি দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তালৈ চোৱা হয় তেন্তে প্ৰধানমন্ত্ৰীগৰাকীক SPG-বিশেষ নিৰাপত্তা দিয়া হৈছে য’ত ২০২০-২১ বৰ্ষত খৰছ হৈছে প্ৰায় ৫৯২ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ