X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব
এক্স তথা পূৰ্বৰ টুইটাৰৰ এইবাৰ আহিছে এক অতিকে বিশেষ ফিচাৰ। যি ফিচাৰে এইবাৰ আনিব এক নতুন জোৱাৰ। কিবা পোষ্ট কৰিলে এইবাৰ আগতেই জানিব পাৰিব সেই পোষ্ট চলিব নে নচলে। অৱশ্যে এই সুবিধা পেইড ব্যৱহাৰকাৰীয়েহে লাভ কৰিব।
এক্সৰ কমিউনিটি নোটছ বৈশিষ্ট্যৰ জৰিয়তে এতিয়া কিছুমান পেইড ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰিব। যদি কোনো পোষ্ট এটাই আৰম্ভণিৰে পৰাই বেছি লাইক পাই আছে, তেন্তে তাত আপুনি এটা কলআউট(Callout) নোটিফিকেচন দেখা পাব। যাৰ অৰ্থ এই পোষ্টটোৱে কোনো এক বিশেষ কাম কৰি আছে। ইয়াৰ প্ৰদৰ্শন ভাল।
যিটো পোষ্টে ভাল প্ৰদৰ্শন কৰি আছে, সেই পোষ্টটোক ৰেটিং আৰু মতামত দিব পৰা যাব। এই পোষ্টটো বেলেগ চিন্তাধাৰাৰ লোকে লাইক কৰিছে নে একে মতাদৰ্শৰ মানুহে লাইক কৰিছে সেয়াও দেখা যাব।
যদি সকলোৱে সেই পোষ্টটো ভাল পায় তেন্তে পোষ্টটোৱে পাব ৰাজহুৱা অনুমোদন টেগ (Public Approval Tag)। যদি কোনো পোষ্টে বিভিন্ন ব্যৱহাৰকাৰীৰ পৰা ইতিবাচক ৰেটিং পায়, তেন্তে সেই পোষ্টটোত এটা বাৰ্তা আহিব যে এই পোষ্টটোৱে বিভিন্ন ব্যৱহাৰকাৰী আৰু গ্ৰুপে লাইক কৰিছে।
তাৰ পাছত কমিউনিটি নোটছ ৱেবছাইটত গট লাইকছ (Got Likes) নামৰ এটা নতুন শিতানো দেখা পাব। য’ত এনে সকলো পোষ্ট দেখুওৱা হ’ব যিবোৰ বৃহৎ সংখ্যক লোকে পছন্দ কৰিছে। বৰ্তমান এই বৈশিষ্ট্য আমেৰিকাৰ কিছুমান নিৰ্বাচিত ব্যৱহাৰকাৰীৰ বাবে আৰম্ভ কৰা হৈছে। কিন্তু আগন্তুক সময়ত ইয়াক আন দেশ আৰু ব্যৱহাৰকাৰীৰ বাবেও অনা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















