অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বেআইনীভাৱে ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে এনফ’ৰ্ছমেণ্ট ডাইৰেক্ট(ইডি)এ।
সংবাদ সংস্থা এএনআই-এ প্ৰকাশ কৰা অনুসৰি পেছাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিত্তীয় অপৰাধৰ তদন্তৰ দায়িত্বত থকা কেন্দ্ৰীয় সংস্থাটোৱে গোচৰ তৰিছিল।
উল্লেখ্য যে পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ কৰাৰ অভিযোগত যোৱা বছৰৰ জুলাই মাহত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। কেইবামাহো কাৰাগাৰত কটোৱাৰ পিছতে জামিনত মুকলি হয় অভিযুক্ত ৰাজ কুন্দ্ৰা।
লগতে পঢ়ক গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি
ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণ কৰাৰ উপৰিও তেওঁ এটা বিশেষ এপৰ জৰিয়তে পৰ্ণ ভিডিঅ’ মোবাইলত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ইফালে ইডিৰ অভিযোগ যে তেওঁ সেই ব্যৱসায়ত বৃহৎ পৰিমাণৰ বেআইনী ধন সৰবৰাহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। ইতিমধ্যে মুম্বাই আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে পৰ্ণ গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।
যোৱা নৱেম্বৰ মাহত নীতিন গোৰাই নামৰ এজন ব্যৱসায়ীয়েও ৰাজ আৰু শিল্পা ছেট্টীৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ তৰিছিল। নীতিনে আৰক্ষীক জনোৱা মতে কাছিফ খান নামৰ এজন লোকে নীতিনক তেওঁৰ জিম ‘এছ এফ এল ফিটনেছ’ত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল। সেই কাছিফৰ লগত আছিল শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাও আছে।
লগতে পঢ়ক আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?
নীতিনক কোম্পানীটোৰ ফ্ৰেঞ্চাইজি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টীৰ বা তেওঁলোকৰ সহায়ক কাছিফে তেওঁলোকৰ কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে নীতিনে বিনিয়োগৰ ধন ঘূৰাই বিচাৰোতে ৰাজ কুন্দ্ৰাই তেওঁক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছিল বুলিও অভিযোগ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ