হ্ৰাস পাইছে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা৷ উন্নত হৈছে দেশৰ শেহতীয়া কোভিড পৰিস্থিতি৷ এনে পৰিস্থিতিত স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ব্ৰিটেইন চৰকাৰ৷ আগন্তুক ২৭ জানুৱাৰীৰ পৰা ব্ৰিটেইনত বাধ্যতামূলক নহয় মাস্ক পৰিধান কৰাটো৷ ২৭ জানুৱাৰীৰ পৰা ব্ৰিটেইনত স্বাভাৱিকভাৱেই আৰম্ভ হ’ব সকলো কাম-কাজ৷ বুধবাৰে এই চৰকাৰী সিদ্ধান্তৰ কথা ঘোষণা কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি কোভিড বিধি অৰ্থাৎ ‘প্লেন-বি’ৰ সময়সীমা ২৬ জানুৱাৰীত অন্ত পৰিব৷ দেশখনৰ ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধিৰ কোনো সম্ভাৱনা নাই৷ অৰ্থাৎ ২৭ জানুৱাৰীৰ পৰা ‘প্লেন-এ’ পুনৰ কাৰ্যকৰী হ’ব ব্ৰিটেইনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ