ICU ত আজি দহ দিন অতিক্ৰম কৰিলে বৰ্ষীয়ান গায়িকা লতা মংগেশকাৰে৷ কোভিডত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰীজ ক্যাণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী৷ বৰ্তমান তেওঁ সংকটমুক্ত যদিও চিকিৎসকে নিজৰ তত্বাৱধানত ৰাখিছে লতাজীক৷ সম্প্ৰতি সুস্থিৰ লতা মংগেশকাৰৰ স্বাস্থ্য৷ তেকেতৰ মুখপাত্ৰই জনাইছে এই কথা৷ চিকিৎসকৰ পৰামৰ্শ পালেই ঘৰলৈ যাব লতা দিদি৷ প্ৰথমে নিউমুনিয়াত আক্ৰান্ত হৈছিল লতা মংগেশকাৰ৷ দেহত ক’ৰোনাৰ মৃদু লক্ষণ দেখা পোৱা গৈছিল৷ বৰ্তমান তেওঁৰ শাৰিৰীক অৱস্থা স্থবিৰ৷ কম পৰিমাণে খাদ্যও গ্ৰহণ কৰিছে তেওঁ৷ দেশজুৰি তেখেতৰ অনুৰাগীয়ে আশুআৰোগ্য কামনা কৰিছে কণ্ঠশিল্পীগৰাকীৰ৷ সোনকালেই আৰোগ্য হওঁক লতা মংগেশকাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ