ভেকচনি ল’বলৈ শংকা কৰা সকলৰ বাবে ভাল খবৰ৷ বজাৰত উপলব্ধ হ’ল ফাইজাৰৰ কৰোনা বড়ি প্যেক্সল’ভিড৷ ঔষধ নিয়ন্ত্ৰক সংস্থা ইউৰোপিয়ন মেডিচিন এজেন্সিয়ে অনুমোদন জনালে প্যেক্সল’ভিডৰ ব্যৱহাৰত৷ ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহত উপলব্ধ এই বড়ি৷ শীঘ্ৰেই বিশ্বৰ সকলো প্ৰান্ততে উপলব্ধ হ’ব প্যেক্সল’ভিড৷
গৱেষণাৰ তথ্য অনুসৰি, তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব পাৰি এই বড়ি৷ প্যেক্সল’ভিড গ্ৰহণ কৰিলে শাৰিৰীক জটিলতা শীঘ্ৰেই হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ আশংকা কমে কোভিড ৰোগীৰ৷ কোভিডৰ সংক্ৰামক ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধেও কাৰ্যকৰী প্যেক্সল’ভিড বড়ি৷
বড়ি বিধৰ ক্লিনিকেল ট্ৰয়েলতো অমিক্ৰণৰ বিৰুদ্ধে কাৰ্যকাৰিতাৰ প্ৰমাণ পোৱা গৈছে৷ বিশেষজ্ঞৰ ভাষ্য অনুসৰি, আমিক্ৰণত আক্ৰান্ত ৰোগীৰ দেহত অক্সিজেনৰ মাত্ৰা হ্ৰাস পালে এই ক্ষেত্ৰতো কাৰ্যক্ষম ফাইজাৰৰ প্যেক্সল’ভিড বড়ি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















