শনিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ দুই চহৰত সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল৷ মাৰিয়’পুল আৰু ভ’লন’ভাখাৰত অসামৰিক লোকক উদ্ধাৰৰ আৰু দেশ ত্যাগৰ বাবে মানৱীয়তাৰ খাতিৰত ৰাছিয়াই চাৰে পাঁচ ঘণ্টীয়া যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল৷
কিন্তু ইউক্ৰেইনে ৰাছিয়ান সেনাই এই যুদ্ধ বিৰতি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইউক্ৰেইনৰ দাবী যে যুদ্ধ বিৰতিৰ মাজতে ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ মাৰিয়’পুল চহৰত পুনৰ গুলীবৰ্ষণ অব্যাহত ৰাখিছে।
ইউক্ৰেইনৰ ভ’ল’ডিমিৰ জেলেনস্কিৰ চৰকাৰে কৈছে যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে যুদ্ধবিৰতিৰ চুক্তিখন পালন কৰা নাই। ফলস্বৰূপে, মাৰিয়’পুলৰ নাগৰিকসকলক উদ্ধাৰৰ কাম স্থগিত কৰা হৈছে আৰু এক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।
লগতে পঢ়ক সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!
ইউক্ৰেনে ৰাছিয়াক কেৱল মাৰিয়’পুলতে নহয়, পূবৰ ভল’ন’ভাখাকে ধৰি চাৰিওফালৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ বিষয়া কিৰিলো টিমোচেঙ্কোৱে কয় যে ৰাছিয়াই যুদ্ধবিৰতি মানি চলা নাই৷ তেওঁলোকে মাৰিয়’পুল আৰু কাষৰীয়া অঞ্চলত গুলীবৰ্ষণ অব্যাহত ৰাখিছে৷
তেওঁ লগতে কয় ‘‘আমি যুদ্ধবিৰতিৰ বিষয়ে ৰাছিয়াৰ সৈতে আলোচনা অব্যাহত ৰাখিছো। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছো যে সাধাৰণ ৰাইজে চহৰখন সুৰক্ষিতভাৱে এৰিব পাৰে।’’
লগতে পঢ়ক গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!
ইফালে মাৰিয়’পুলৰ এজন চৰকাৰী বিষয়াই সামাজিক মাধ্যমত লিখিছিল, ‘‘যিহেতু ৰাছিয়াই যুদ্ধবিৰতি মানি চলা নাই, সেয়েহে নাগৰিকসকলক উদ্ধাৰ কৰা আৰু লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।’’
অৱশ্যে, ৰাছিয়াই দাবী কৰে যে কেৱল ৰাছিয়াৰ সেনাই গুলী চালনা কৰা নাছিল। ইউক্ৰেইনৰ সেনাইও যুদ্ধ বিৰতি মানি চলা নাই বুলি ৰাছিয়াই দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ