অসম লাইভ২৪ঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্নৰে কিমান টকা দৰমহা পায় জানেনে? বৰ্তমান কেন্দ্ৰীয় বেংকৰ গভৰ্নৰ পদত আছে শক্তিকান্ত দাস। তেওঁৰ সঠিক দৰমহাৰ পৰিমান নাজানিলেও পোহৰলৈ আহিছে আন এক নতুন তথ্য। এসময়ত আৰ বি আইৰ গভৰ্ণৰ আছিল ৰঘুৰাম ৰাজন। সম্প্ৰতি ৰঘূৰাম ৰাজনে এটা পডকাষ্ট ইণ্টাৰভিউত নিজৰ দৰমহাৰ কথা প্ৰকাশ কৰিছে। প্ৰাক্তন আৰবিআইৰ গভৰ্নৰে জনোৱা অনুসৰি তেওঁৰ দৰমহা বছৰত মাত্ৰ ৪ লাখ। হিচাপ কৰিলে তেওঁৰ মাহিলী দৰমহা ৩৩,০০০তকৈ অলপমান বেছি। ৰঘুৰাম ৰাজনে জনোৱা অনুসৰি তেওঁ আৰবিআইৰ গভৰ্নৰ থাকোতে তেওঁ থাকিবলৈ এটা ঘৰ পাইছিল। গভৰ্নৰ হোৱাৰ সকলোতকৈ ডাঙৰ সুবিধটোৱেই হৈছে থাকিবৰ বাবে তেওঁ বিশালকায় এটা বাংলো লাভ কৰিছিল। এই বিশেষ বাংলোটো ধীৰুভাই আম্বানিৰ ঘৰৰ নিচেই কাষত আছিল।
ৰঘূৰাম ৰাজনে এই সন্দৰ্ভত কয়, ‘মই আৰবিআইৰ গভৰ্নৰ থাকোতে কিমান দৰমহা পাইছিলো বহুতেই মোক সুধি থাকে। মই কিন্তু দৰমহাৰ কথা ক’বলৈ লাজ নাপাও। মই বছৰি ৪ লাখ টকাৰ পেকেজ লাভ কৰিছিলো। ইয়াৰোপৰি মুম্বাইৰ মালাবাৰ উপকূলত এটা ঘৰ লাভ কৰিছিলো।’
আৰবিআইৰ এক্স গভৰ্নৰ হিচাপে কিমান পেঞ্চন লাভ কৰে ৰঘূৰাম ৰাজনে?
কিয় আৰবিআইৰ গভৰ্নৰে পেঞ্চন লাভ নকৰে সেই বিষয়টোক লৈয়ো মুখ খুলিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্নৰে। অধিকাংশ আৰবিআইৰ গভৰ্নৰেই পেঞ্চন লাভ নকৰে কাৰণ তেওঁলোক ছিভিল ছাৰ্ভেণ্ট। তেওঁলোকে ছিভিল চাৰ্ভিছৰ পৰাহে পেঞ্চন লাভ কৰে। এই সন্দৰ্ভত তেওঁ কয়, ‘গভৰ্নৰ থকাৰ সময়ত কিন্তু এজন ব্যক্তিয়ে একাধিক সুবিধা লাভ কৰে। অন্য সুযোগ সুবিধাৰ দৰে তেওঁ এখন বাহন পাইছিল। ঘৰৰ লগতে চলাফিৰাৰ বাবেও প্ৰচুৰ ধন লাভ কৰিছিল। থাকিবলৈ দিয়া ঘৰখন ভালধৰণে ৰখাৰ বাবেও এক মোটা অংকৰ ধন বছৰি দিয়া হৈছিল। কিন্তু মই ভাৱো আমাৰ দৰে দেশত চৰকাৰী কামত বিলাসবহুল বাহন ব্যৱহাৰ কৰাটো ঠিক কথা নহয়।’
বাৰ্ষিক ৪ লাখ টকা এজন গভৰ্নৰৰ বাবে যথেষ্ট নেকি?
ৰঘুৰাম ৰাজনক দৰমহাৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল, বাৰ্ষিক ৪ লাখ টকা দৰমহা এজন গভৰ্নৰৰ বাবে যথেষ্ট নেকি? উত্তৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্নৰে কয়, ‘মই ভাৱো এই দৰমহা এজন কেবিনেট ছেক্ৰেটাৰিৰ সমান দৰমহা। অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে বেছ কিছু ভাট্টা লাভ কৰে, য’ত আৰ বি আই গভৰ্নৰে সেই সুবিধাসমূহ লাভ নকৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ