অসম লাইভ ২৪ঃ এটি সুবৰ্ণ সুযোগ৷ নৱবৰ্ষৰ পূৰ্বে আপুনিও হ’ব পাৰে লাখপতি৷ হঠাৎ ভাগ্য উদয় হ’ব পাৰে আপোনাৰ৷ ৫ টকাৰ বিনিময়ত আপুনিও লাভ কৰিব পাৰে ৫ লক্ষাধিক পৰ্যন্ত টকা৷ বৰ্তমান সময়ত অনলাইন বজাৰত বৃদ্ধি পাইছে পুৰণি নোটৰ চাহিদা৷ এটা বিশেষ নোটৰ বিনিময়ত কোম্পানীসমূহে ব্যক্তিক প্ৰদান কৰে লক্ষাধিক টকা পৰ্যন্ত৷ সম্প্ৰতি টকা উপাৰ্জনৰ অন্যতম উৎসলৈ পৰিণত হৈছে পুৰনি নোট বা মুদ্ৰাৰ নিলামৰ ব্যৱস্থা৷ OLX, quicker, ebay, indiamart, coinbazar.in আদি বিভিন্ন অনলাইন প্লেটফৰ্মৰ জৰিয়তে নিলাম কৰাৰ সুবিধা আছে এই বিশেষ নোটসমূহ৷ কৃষকৰ ট্ৰেক্টৰ চলোৱা ফটো থকা পুৰনি ৫ টকীয়া নোটৰ চাহিদা বজাৰত বৰ্তমান বৃদ্ধি পাইছে৷ এই নোটৰ নিলামৰ জৰিয়তে আপুনি ৫ লাখ পৰ্যন্ত লাভ কৰিব পাৰিব ধন৷ ইয়াৰ উপৰি, ১৯৮৪ চনৰ দুটকীয়া মুদ্ৰা, ১৮৮৫ চনত ব্ৰিটিছে উলিওৱা ১ টকীয়া মুদ্ৰাও কোম্পানীসমূহে লক্ষাধিক টকাৰ বিনিময়ত ক্ৰয় কৰে অনলাইন প্লেটফৰ্মত৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৯৪, ১৯৯৫, ১৯৯৭ আৰু ২০০০ চনত প্ৰচলন কৰা দুটকীয়া মুদ্ৰাৰ বিশাল চাহিদা আছে বজাৰত৷ গতিকে আপোনাৰ ওচৰতো যদি এইসমূহ নিৰ্দিষ্ট পুৰণি মুদ্ৰা বা নোট আছে নিৰ্দিষ্ট ৱেবচাইটৰ জৰিয়তে আপুনিও নিলাম কৰিব পাৰে৷ লাভ কৰিব পাৰে এই বৃহৎ পৰিমানৰ ধনৰাশি৷ নৱবৰ্ষত আৰম্ভণিতে গ্ৰহণ কৰক এই সুযোগ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ