অসম লাইভ২৪ঃ ৭ ছেপ্টেম্বৰত মুক্তিলাভ কৰিছিল ‘জাৱানে’। শ্বাহৰুখৰ ৩০ বছৰীয়া কেৰিয়াৰত এটলি পৰিচালিত ‘জাৱান’এ সকলোতকৈ বিগ বাজেটৰ ছবি। চলিত বছৰতে শ্বাহৰুখৰ আন এখন বিগ বাজেটৰ ছবিয়ে মুক্তিলাভ কৰিছিল। ২৫০ কোটি টকা বাজেটৰ এই ছবিখনে অভিনেতা শ্বাহৰুখৰ কেৰিয়াৰত সবাতোকৈ বিগ বাজেটৰ ছবি বুলি প্ৰচাৰ হৈছিল। কিন্তু বলীউড বাদশ্বাহ শ্বাহৰুখে নিজৰ ৰেকৰ্ড নিজেই ভংগ কৰিছে। সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত পাঠানৰ বাজেট আছিল ২৫০ কোটি। আনহাতে শ্বাহৰুখৰ আহিবলগা নতুন ছবিৰ বাজেট পাঠানতকৈ বহু বেছি। জাৱানৰ এটা গীত ‘জিন্দা বান্দা’ শ্বুটিং কৰোতে খৰচ হৈছে ১৫ কোটি টকা।
‘জাৱান’ ছবিত অভিনয় কৰোতে পাৰিশ্ৰমিকো বহু পৰিমানে লৈছিল শ্বাহৰুখে। সূত্ৰৰ খবৰ অনুসৰি এই ছবিত অভিনয় কৰিবৰ বাবে শ্বাহৰুখে ১০০ কোটি পাৰিশ্ৰমিক লৈছে। ‘জাৱান’ ছবিত অভিনয় কৰিবৰ বাবে বিজয় সেতুপতিয়ে ২১ কোটি টকা, নয়নতৰাই ১১ কোটি টকা পাৰিশ্ৰমিক লৈছে। ছানিয়া মলহোত্ৰা আৰু প্ৰিয়মণিয়ে জাৱান ছবিত অভিনয় কৰাৰ বাবদ ১ কোটিকৈ পাৰিশ্ৰমিক লৈছে। কেমিঅ’ ৰোলত এই ছবিত আছে দীপিকা পাডুকন। অতিথি শিল্পী হিচাপে ছবিখনত অভিনয় কৰিছে দক্ষিণী তাৰকা থলাপতি বিজয়। তাৰকাসকলৰ পাৰিশ্ৰমিক আদায় দিবলৈকে ১৩৪ কোটিতকৈও অধিক ধন ব্যয় হৈছে। একশ্ব্যন দৃশ্য আৰু ভিএফএক্স প্ৰযুক্তিত ব্যৱহাৰ হৈছে কেইবা কোটি টকা। কেৱল জাৱান বা পাঠানেই নহয়। শ্বাহৰুখৰ প্ৰায় প্ৰতিখন ছবিয়েই হেভী বাজেটৰ। বক্স অফিচত ফ্লপ হ’লেও শ্বাহৰুখৰ কেৰিয়াৰৰ আন এখন ব্যৱবহুল ছবি হৈছে ‘জি’ৰ’। আনন্দ এল ৰায় পৰিচালিত এই ছবিত শ্বাহৰুখৰ সৈতে কেটৰীণা কাঈফ আৰু অনুষ্কা শৰ্মাই অভিনয় কৰিছিল।
২০০ কোটি টকা বাজেট আছিল ‘জি’ৰ’ৰ। কিন্তু ২০১৮ চনত মুক্তিৰ পাছত বক্স অফিচত ছবিখনে আয় কৰিছিল ১৯১ কোটি টকা। এই ছবিত অভিনয় কৰিয়েই বলীউডৰ পৰা সাময়িক বিৰতি লৈছিল শ্বাহৰুখে। জি’ৰৰ পূৰ্বে ফাৰাহ খানৰ পৰিচালিত ছবি ‘হেপ্পী নিউ ইয়েৰ’ আছিল শ্বাহৰুখৰ আন এখন বিগ বাজেটৰ ছবি। শ্বাহৰুখৰ সৈতে এই ছবিত অভিনয় কৰিছিল দীপিকা, অভিষেক বচ্চন, চনু চুড, বোমান ইৰাণী আৰু জেকি শ্ৰফৰ দৰে তাৰকা অভিনেতাই। ‘হেপ্পি নিউ ইয়েৰ’ ছবিখন নিৰ্মাণ কৰোতে খৰচ হৈছিল ১৫০ কোটি টকা। মুক্তিৰ পাছতেই বক্স অফিচত ৩৯৮ কোটিৰ ব্যৱসায় কৰিছিল ছবিখনে। শ্বাহৰুখৰ কেৰিয়াৰত হেপ্পি নিউ ইয়েৰো অন্যতম এখন ব্যয়বহুল ছবি।
২০১৫ চনত মুক্তিলাভ কৰিছিল আন এখন বিগ বাজেটৰ ছবি ‘দিলৱালে’। বহু বছৰৰ অন্তত শ্বাহৰুখৰ সৈতে এই ছবিত কাজলক দেখা গৈছিল। এই ছবিত অভিনয় কৰিছিল বৰুণ ধাৱান, কৃতি শ্বেনন, বোমান ইৰাণীয়ে এই ছবিত অভিনয় কৰিছে। ১৩৫ কোটি টকা খৰচ কৰি ৰোহিত ছেট্টিয়ে পৰিচালনা কৰিছিল ‘দিলৱালে’ ছবিখন। বক্স অফিচত ৩৭৬ কোটি টকা উপাৰ্জন কৰিছিল ছবিখনে। ২০১১ চনত শ্বাহৰুখে কৰা আন এখন বিগ বাজেটৰ ছবি হৈছে, ‘ৰা ওৱান’। শ্বাহৰুখৰ সৈতে এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কৰিনা কাপুৰ খান আৰু অৰ্জুন ৰামপালে। ৰা-ওৱান ছবিখন নিৰ্মাণত খৰচ হৈছিল ১৩০ কোটি টকা। শ্বাহৰুখৰ কেৰিয়াৰত এই ব্যয়বহুল ছবিখনে সেই সময়তে আনুমানিক ২০৭ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















