অসম লাইভ ২৪ঃ নাম সলনিৰ সমান্তৰালকৈ কামৰ পৰিসৰো বৃদ্ধি কৰিছে ফেচবুকে৷ শীঘ্ৰেই মেটাভাৰ্চ ৱৰ্ল্ডত পৰিণত হ’ব ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক৷ বৃহস্পতিবাৰে চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিলে ছ’চিয়েল মিডিয়াৰ সৰ্ববৃহৎ প্লেটফৰ্ম ফেচবুক কৰ্পোৰেটৰ নতুন নাম৷ আজিৰে পৰা META নামেৰে পৰিচিত হ’ল ফেচবুক কৰ্প’ৰেট৷ ভাৰ্চুৱেল ৰিয়েলিটীৰ বিশ্বলৈ ৰূপান্তৰিত হ’ব META৷ মূলতঃ মেটাভাৰ্চৰ বিশ্বত আগুৱাবলৈ সম্পূৰ্ণৰূপে তৈয়াৰ মাৰ্ক জুকাৰবাৰ্গ৷ ইয়াৰ বাবে ১০ হাজাৰ লোকক নতুনকৈ নিযুক্তি দিব কোম্পানীটোত৷ কেৱল ছ’চিয়েল মিডিয়া কোম্পানী হিচাপেই নহয়, এক মেটাভাৰ্চ বিশ্ব হিচাপে শীঘ্ৰেই আমাৰ মাজলৈ আহি আছে ফেচবুক৷ ফেচবুকে কেৱল সলনি কৰিছে কৰ্প’ৰেটৰ নাম, বাকী প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটচএপ পূৰ্বেৰ নামেৰেই জনা যাব৷ গতিকে নাম সলনি কৰিলেও প্ৰত্যক্ষ প্ৰভাৱ নপৰে ব্যৱহাৰকাৰীৰ ওপৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ