অসম লাইভ২৪ঃ বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন হৈছে মাৰ্ক জুকাৰবাৰ্গ। এইবাৰ জুকাৰবাৰ্গে গঢ়িছে আন এক ৰেকৰ্ড। দৈনিক আয়েৰে বিশ্ব ৰেকৰ্ড গঢ়িছে মাৰ্ক জুকাৰবাৰ্গে। তেওঁৰ এদিনৰ আয়ে দৃষ্টি কাঢ়িছে এতিয়া বহুজনৰ। কোটিপতিসকলকো টক্কৰ দি এদিনতেই ইমান কোটি কেনেকৈ উপাৰ্জন কৰে মাস্কে?
ভাইৰেল তথ্য অনুসৰি ফেছবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জন প্ৰায় ২৮ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হৈছে ২৩২ কোটিৰো অধিক। সৰ্বাধিক আয়েৰেই ৰেকৰ্ড গঢ়িছে মাৰ্ক জুকাৰবাৰ্গে। বৰ্তমান বিশ্বৰ শীৰ্ষ ৫ বিলিয়নৰ মাজত স্থান দখল কৰিছে মাৰ্ক জুকাৰবাৰ্গে। মাৰ্ক জুকাৰবাৰ্গৰ সম্পদৰ পৰিমাণ এনেকৈ বৃদ্ধি পাইছে যে তেওঁ বিশ্বৰ ধনী ব্যক্তি বাৰ্নাৰ্ড আৰ্নল্ডকো পিছপেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ব্লুমবাৰ্গ বিলিয়নিয়াৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি শুকুৰবাৰে ফেছবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ সম্পদ ব্যাপক হাৰত বৃদ্ধি পাইছে। প্ৰকৃতপক্ষে শুকুৰবাৰে মেটাৰ শ্বেয়াৰ ২০শতাংশতকৈয়ো বৃদ্ধি হৈছে। ইয়াৰ ফলত জুকাৰবাৰ্গৰ সম্পদ বাঢ়ি ২৮.১ বিলিয়ন ডলাৰ অৰ্থাৎ ২.৩৩ লাখ কোটি টকা হৈছে। এই বৃদ্ধিক সামৰি মাৰ্ক জুকাৰবাৰ্গৰ মুঠ সম্পদৰ পৰিমাণ হৈছেগৈ ১৭০ বিলিয়ন ডলাৰ। মাৰ্কে পিছ পেলাইছে ষ্টিভ বলমাৰ আৰু বিল গেটছকো। বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত জুকাৰবাৰ্গৰ স্থান হৈছে চতুৰ্থ। সকলো মিলি তেওঁৰ মুঠ সম্পদৰ পৰিমাণ ৪২.৪ বিলিয়ন ডলাৰৰো অধিক। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৩৫৫ কোটি ৫০ লাখ ৩২ হাজাৰ ২০০তকৈয়ো অধিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ