ফেচবুকৰ চিনাকি, ১৩ বছৰীয়া প্ৰেম, শেষত পোলেণ্ডৰ জীয়াৰী তেজপুৰৰ বোৱাৰী
এখন বিশেষ বিবাহক লৈ তেজপুৰত কালিৰ দিনটোত আনন্দৰ ঢৌ। কাৰণ ১২ বছৰীয়া অনলাইন প্ৰেমক সফল কৰি যুগ্ম জীৱনৰ পাতনি মেলিছে প্ৰেমিক যুগলে।
কেৱল সেয়াই এটা কাৰণ নহয়। এইখন বিবাহ বিশেষ হোৱাৰ আঁৰত আছে আৰু এটা কাৰণ। সেয়া হৈছে ১২ বছৰীয়া প্ৰেমক সফল কৰিবলৈ সাত সাগৰ তেৰ নদী পাৰৰ পোলেণ্ডৰ পৰা কইনা পাইছেহি তেজপুৰ।
তেজপুৰৰ জিষ্ণু দাসৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ এৰি আহিছে পোলেণ্ডৰ চাকৰিও। অসমীয়া সাজপাৰ, ধৰ্মীয় ৰীতি নীতি, পৰম্পৰাত বিলিন হৈ গৈছে পোলেণ্ডৰ জীয়ৰী মেগডালুনা জেলুস্কা (Magdaluna Zaluska).
শিৰত সেন্দুৰ, পাটৰ মেখেলা চাদৰ অসমীয়া গহনা পিন্ধি অসমীয়া কইনা হৈ পৰিছে মাগডালুনা। মেগডালুনাৰ মাতৃ আৰু ভাতৃ লগতে বান্ধৱীয়ো অসমীয়াৰ সাজত মিলিত হৈছে এই বিয়াত।
জাত জাত বিয়া নামৰ মাজত জোৰোণ পিন্ধিছে কইনাই। তেজপুৰৰ জিষ্ণু দাস আৰু পোলেণ্ডৰ জীয়ৰী মেগডালুনাৰ এয়া ১২ বছৰীয়া অনলাইন প্ৰেমৰ সফল কাহিনী। অসমীয়াৰ আতিথ্য আৰু ব্যৱহাৰত সুখী মেগডালুনাৰ পৰিয়াল। সুখী জিষ্ণু দাসৰ পৰিয়ালো। বিদেশী কইনা চাই সুখী ওচৰ-চুবুৰীয়াও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ