অসম লাইভ২৪ঃ বহু মানুহেই মাংস খাই ভালপায়৷ শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ মাংসই উত্তম আহাৰ বুলি বহুতেই দাবীও কৰে৷ মাংসত মেক্ৰ নিউট্ৰিয়েণ্ট থাকে৷ ই পেশী তৈয়াৰ কৰাত এই উপাদানে সহায় কৰে৷ মাংসত প্ৰটিনৰ ওপৰিও আয়ৰন, জিংক, ভিটামিন বি, ছেলেনিয়াম, ফছফৰাছ থাকে৷ কিন্তু প্ৰতিদিনে মাংস খোৱাটো শৰীৰৰ বাবে উপকাৰী নে?
মাংস হাইপ্ৰটিনসম্পন্ন খাদ্য৷ প্ৰতিদিনে কিন্তু খাদ্যৰ তালিকাত মাংস ৰখাটো শৰীৰৰ বাবে অপকাৰী৷ দৈনিক মাংস খালে শৰীৰত ইউৰিক এছিডৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰোপৰি মাংসত পিউৰিণ, চৰ্বিও থাকে৷ ইয়াক চুৰেটেড ফেট বুলিও কোৱা হয়৷ এই ফেট ৰক্তনলীত জমা হলে বিপদ হ’ব পাৰে৷ এনেদৰে জমা হোৱা চৰ্বিয়ে কলষ্টেৰলৰ পৰিমাণ বঢ়াই দিয়াৰ লগতে কাডিঅ’ভাস্কুলাৰ অসুখৰ আশংকা বঢ়াই তোলে৷
ইফালে ৰেডমিট দৈনিক খাদ্য তালিকাত ৰাখিলেও শৰীৰৰ বাবে ভয়াৱহ৷ ৰেডমিটত পাঠা মাংস, গোমাংস আদি অন্তৰ্ভূক্ত৷ দৈনিক এই মাংস খালে শৰীৰত পিউৰিণৰ মাত্ৰা অত্যাধিক পৰিমানে বাঢ়ি যায়৷ যাৰ ফলত ইউৰিক এছিডো বাঢ়ি যায়৷ কোনো অসুখ নাথাকিলেও এই মাংস সপ্তাহত এসাঁজতকৈ বেছি খাব নালাগে৷ প্ৰেছাৰ, ডাইবেটিছ আদি থকা ৰোগীৰ বাবে ই অতিকৈ ভয়ংকৰ৷ অত্যাধিক ৰেডমিট সেৱনে কৰ্কটৰ আশংকাও বঢ়াই তোলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ