ফেং ছুই এটা চিনা বাস্তুমত৷ এই বাস্তুশাস্ত্ৰ মানি যদি ঘৰত কিছু গছ ৰখা হয় তেন্তে সংসাৰত সুখ আৰু সমৃদ্ধি ভৰি উঠিব৷ আৰু পৰিয়ালতো টকাৰ অভাৱ নহব৷ কি সেই গছ?
১. মানি প্লেণ্ট
এয়া ফেং ছুই আৰু বাস্তু উভয় শাস্ত্ৰতেই অত্যন্ত শুভ বুলি বিবেচিত এজোপা গছ৷ বিশ্বাস কৰা হয় যে এই গছ ঘৰত ৰাখিলে আৰ্থিক সমৃদ্ধি বাঢ়ে আৰু অৰ্থৰ অভাৱ দূৰ হয়৷ ই ইতিবাচক শক্তিক আকৰ্ষণ কৰে আৰু নেতিবাচক শক্তি দূৰ কৰে৷ ঘৰৰ দক্ষিণ পূব কোণ এই গছ ৰখা সকলোতকৈ ভাল৷ এই দিশটো সম্পদ আৰু প্ৰাচুৰ্যৰ সৈতে সম্পৰ্কিত৷ ভুলতো ঘৰৰ উত্তৰ পূব দিশত নাৰাখিব৷ ইয়াত আৰ্থিক ক্ষতি হব পাৰে৷ ইয়াৰ পাত যেন সকলো সময়তে সতেজ আৰু সেউজীয়া হৈ থাকে সেই দিশত নজৰ দিয়ক৷ শুকাই যোৱা বা হালধীয়া হবলৈ নিদিব৷
২. জেড প্লেণ্ট
এয়া মানি ট্ৰি, ফ্ৰেণ্ডশ্বিপ ট্ৰি বা লাকী প্লেণ্ট নামেৰেও পৰিচিত৷ ফেং ছুই অনুসৰি, এই গছটোৰ অৰ্থ, ধন আৰু সম্পদক প্ৰৱলভাৱে আকৰ্ষণ কৰে৷ ইয়াৰ পাতসমূহে মুদ্ৰাৰ দৰে দেখিবলৈ যিয়ে সম্পদ বৃদ্ধিৰ প্ৰতীক৷ এই গছ ঘৰৰ প্ৰৱেশদ্বাৰৰ ওপৰিও বা দক্ষিণ পূহ কোণত ৰাখিব পাৰে৷ এই গছ কৰ্মক্ষেত্ৰত ৰখাটো শুভ৷
৩. লাকী বেম্ব
বাঁহ ফেং ছুইয়ে পাঁচটা প্ৰাকৃতিক উপাদানৰ প্ৰতিনিধিত্ব কৰে৷ কাঠ, জুই, পৃথিৱী, ধাতু, পানীক প্ৰতিনিধিত্ব কৰে৷ ই সৌভাগ্য, সমৃদ্ধি আৰু দীৰ্ঘায়ু লৈ আহে বুলি বিশ্বাস কৰা হয়৷ বাঁহৰ কাণ্ডৰ সংখ্যা অনুসৰি ইয়াৰ প্ৰভাৱ ভিন্ন হয়৷
- ২টা কাণ্ড মানে প্ৰেম আৰু বিবাহ৷
- ৩টা কাণ্ডই সুখক বুজায়৷
- ৫ টা কাণ্ডই স্বাস্থ্যক বুজায়৷
- ৬ টা কাণ্ডই সম্পদ আৰু সমৃদ্ধিক বুজায়৷
- ৭টা কাণ্ডই স্বাস্থ্য আৰু সুস্থ জীৱন বুজায়৷
- ৮টা কাণ্ডই বৃদ্ধি আৰু সমৃদ্ধিক বুজায়৷
- ৯টা কাণ্ডই সৌভাগ্যক বুজায়৷
ঘৰৰ পূব বা দক্ষিণ পূব দিশত ৰখাটো অত্যন্ত শুভ৷ ই ইতিবাচক শক্তি আৰু সমৃদ্ধিক আকৰ্ষণ কৰে৷ ইয়াৰোপৰি সূৰ্যলোকৰ পোহৰ পৰে তেনে স্থানত ৰখা উচিত৷
৪. ৰাবাৰ প্লেণ্ট
ৰাবাৰ প্লেণ্টৰ গোলাকাৰ, সৰু সৰু পাতসমূহে প্ৰাচুৰ্যক আকৰ্ষণ কৰে বুলি ধাৰণা কৰা হয়৷ ফেং ছুই মতে ই ঘৰলৈ ইতিবাচকতা আৰু সৌভাগ্য কঢ়িয়াই আনে৷ ঘৰৰ দক্ষিণ পূব কোণত ইয়াক ৰাখিব পাৰে৷
৫. তুলসী গছ
যদিও এয়া মূলত ভাৰতীয় বাস্তুশাস্ত্ৰৰ সৈতে সম্পৰ্কিত তথাপিও ই ইতিবাচক শক্তি আৰু সমৃদ্ধি আনে বুলি ফেং ছুইতো উল্লেখ আছে৷ হিন্দু ধৰ্ম অনুসৰি তুলসীক দেৱী লক্ষ্মীৰ ৰূপ বুলি ধাৰণা কৰা হয়৷ তুলসী গছ ঘৰৰ পূব বা ঈশান কোণত ৰখা উচিত৷ ই নেতিবাচক শক্তি দূৰ কৰে আৰু সুখ, শান্তি আৰু সমৃদ্ধি আনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















