অসম লাইভ২৪ঃ ফিফা বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই মেছি য়ে কৈছিল এয়াই তেওঁৰ শেষ বিশ্বকাপ। মঙলবাৰে নিশা আৰ্জেণ্টিনা আৰু ক্ৰৱেছিয়াৰ শ্বাসৰূদ্ধকৰ মেচত জয়ী হৈছে আৰ্জেণ্টিনা। আৰু বিশ্বকাপ নেখেলে মেছিয়ে। মঙলবাৰে নিশাৰ জয়লাভেৰে আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত ৩-০ গলত ক্ৰৱেছিয়াৰ হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনাই। এই খেলখনত এটা গল দিছে মেছিয়ে। গলৰ পাছ দিছিল এটা। মেছিৰ খেলেই আৰ্জেণ্টিনাৰ দলটোক দিলে ফাইনেলত প্ৰৱেশৰ সোৱাদ।
মেছিৰ বয়স বৰ্তমান ৩৫ বছৰ। আৰ্জেণ্টিনা দলৰ প্ৰশিক্ষক লিয়োনেল স্কলোনিয়ে প্ৰকাশ কৰামতে ২০২৬ ৰ বিশ্বকাপ মেছিয়ে খেলিব। কিন্তু প্ৰশিক্ষকৰ মন্তব্যৰ পাছতেই মেছিয়ে নিজেই জনাই যে তেওঁ আৰু বিশ্বকাপ নেখেলে। এয়াই তেওঁৰ শেষ বিশ্বকাপ। বয়স বাঢ়ি যোৱাৰ লগে লগে অত্যাধিক চাপ লোৱা সম্ভৱ নহয়। এইবাৰ বিশ্বকাপত ৰোনাল্ডোৰ মুখতো স্পষ্ট হৈ পৰিছিল চাপ। সেয়ে এনেদৰে চাপত খেলাতকৈ এই বিশ্বকাপেৰেই যাত্ৰা সামৰিব খোজে মেছিয়ে।
১৯৮৬ চনৰ পাছত এখনো বিশ্বকাপত জয়লাভ কৰা নাই আৰ্জেণ্টিনাই। ৩৬ বছৰৰ অন্তত আকৌ এবাৰ আৰ্জেণ্টিনাৰ দলে দেখিছে বিশ্বকাপ জয়ৰ সপোন। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে ছেমিফাইনেলত জয়লাভ কৰাৰ পাছতেই কয়, ‘ফাইনেলত প্ৰৱেশ কৰি আমি কিমান সুখী কেনেকৈ বুজাও। আমাৰ বিশ্বকাপ যাত্ৰাৰ এই দৌৰ ফাইনেলৰ লৈকে অব্যাহত থাকিব। অহাটো বিশ্বকাপলৈ আৰু বহুদিন। মোৰ বাবে সেই বিশ্বকাপ খেলা সম্ভৱো নহ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ