অসম লাইভ২৪ঃ আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ডৰ মাজৰ শ্বাসৰূদ্ধকৰ মেচত অৱশেষত জয়লাভ কৰিবলৈ সক্ষম হ’ল মেছিবাহিনী। প্ৰথমে আৰ্জেণ্টিনাই দিয়ে দুটাকৈ গল। আৰ্জেণ্টিনাৰ সমৰ্থকৰ মাজত উল্লাস আৰ্জেণ্টিনাই ছেমিফাইনেল পালেই।
কিন্তু শেষৰ ফালে নেদাৰলেণ্ডে দিয়া দুটা গলত আৰ্জেণ্টিনাৰ সমৰ্থকৰ মন সেমেকি উঠিল। খেলৰ সময় বাঢ়ি গৈ থাকিল। কিন্তু কোনো এটা দলেই বহুসময়লৈ গল দিবলৈ সক্ষম নহ’ল। শেষলৈ পেনাল্টিৰ জৰিয়তে সিদ্ধান্ত লোৱা হ’ল। নেদাৰলেণ্ডক ৪-৩ ব্যৱধানত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে মেছিবাহিনীয়ে।
খেলৰ আৰম্ভণিৰ পৰাই দুই দলেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। নেদাৰলেণ্ডৰ প্রথম দুটা শ্বট ৰখাই দিয়ে আৰ্জেণ্টিনাৰ গলকিপাৰে। আৰ্জেণ্টিনাৰ হৈ চাৰি নম্বৰ পেনাল্টি লয় ফাৰ্ণাণ্ডেছে। হৃদস্পন্দন বাঢ়ি যায় আৰ্জেণ্টিনাৰ সমৰ্থকৰ। কিন্তু শেষ পৰ্যন্ত পেনাল্টিত জয়লাভ কৰে আৰ্জেণ্টিনাই। ছেমিফাইনেলত আৰ্জেণ্টিনাৰ প্ৰতিপক্ষ হ’ব ক্ৰৱেছিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ