অসম লাইভ২৪ঃ কান্দোনত ভাঙি পৰিছে নেইমাৰ। সান্তনা দিছে সতীৰ্থই। সান্তনা দিছে বিপক্ষৰ দলৰ খেলুৱৈ লুকা মাদ্ৰিছেও। কিন্তু নেইমাৰৰ কন্দা ৰোৱা নাই। ক্ৰোৱেছিয়াৰ বিৰুদ্ধে পেনাল্টিত হাৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছে ব্ৰাজিলে। এই পৰাজয়েই নেইমাৰে কন্দাৰ কাৰণ নহয়। এই বিশ্বকাপেই হয়তো নেইমাৰৰ শেষৰখন বিশ্বকাপ। অৱসৰৰ সময়তো দেশলৈ বিশ্বকাপ লৈ যাব নোৱাৰা দুখে বাৰুকৈয়ে ভাঙি পেলাইছে নেইমাৰক।
শুকুৰবাৰে নিশা এডুকেশ্ব্যন চিটি ষ্টেডিয়ামত ২-৪ গল পেনাল্টিত পৰাজয়বৰণ কৰে নেইমাৰৰ দলে। এই পৰাজয়ৰ লগে লগেই ফিল্ডতেই বাগৰি বাগৰি কান্দোনত ভাঙি পৰে নেইমাৰ। সতীৰ্থ খেলুৱৈয়ে নেইমাৰক সান্তনা দিছে কিন্ত নেইমাৰক কোনোৱেই বুজাব পৰা নাই। নেইমাৰে কোনো কাৰণতেই মানি ল’ব খোজা নাই এই পৰাজয়। বিশ্বাসেই কৰিব পৰা নাছিল নেইমাৰে মাত্ৰ ১৫ মিনিটতেই এনেদৰে শেষ হ’ব খেল।
নেইমাৰে ব্ৰাজিলৰ হৈ ৭৭ টাকৈ গল কৰিছে। কিন্তু এই আনন্দ চিৰস্থায়ীনে? নহয়, সময় একেদৰেই সদায় নাথাকে। নেইমাৰৰ আনন্দও চিৰস্থায়ী নহ’ল। ২০১৯ চনৰ কোপা বিশ্বকাপত জয়ৰ সোৱাদ লৈছিল ব্ৰাজিলে। কিন্তু ফিফা বিশ্বকাপত এবাৰলৈকো ট্ৰফী হাতত তুলি ল’ব নোৱাৰিলে নেইমাৰে। তিনিবাৰকৈ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিছে নেইমাৰে। নেইমাৰে ভাগ লোৱা এখনো বিশ্বকাপত ট্ৰফী জয় কৰিব নোৱাৰিলে ব্ৰাজিল দলে। তিনিবাৰা বিশ্বকাপ খেলিলেও ট্ৰফীৰ সপোন এতিয়াও আধৰুৱা। এই আধৰুৱা সপোনৰ সৈতেই এইবাৰ হয়তো ব্ৰাজিল দলটোৰ পৰা অৱসৰ ল’ব নেইমাৰে।
উল্লেখ্য যে নেইমাৰ বাহিনীক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে ক্ৰৱেছিয়া। বিশ্বৰ অন্য এখন সৰু দেশ ক্ৰৱেছিয়াই এনেদৰে শক্তিশালী দল ব্ৰাজিলক পৰাস্ত কৰিব সেই কথা সপোনৰো অগোচৰ আছিল নেইমাৰ বাহিনীৰ। নেইমাৰৰ বয়স বৰ্তমান ৩১ বছৰ। এয়াই হয়তো নেইমাৰৰ শেষৰখন বিশ্বকাপ। ফিটবল সম্ৰাট পেলেৰ অৱস্থাও যিহেতু সংকটজনক তেনে সময়ত ব্ৰাজিল দলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় ল’বলগীয়া হোৱাটোও নেইমাৰ ভাঙি পৰাৰ অন্য এক কাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ