অসম লাইভ ২৪ঃ শীঘ্ৰেই উপলব্ধ ক’ৰোনা প্ৰতিৰোধক টেবলেট৷ গতিকে এতিয়াৰেপৰা অধিক সহজ হ’ব মহামাৰী ক’ৰোনাৰ চিকিৎসা৷ কোভিড প্ৰতিৰোধক টেবলেট ‘মলনুপিৰাভিৰ’ক অনুমোদন৷ কোভিড ১৯ৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰাকৈ ‘মলনুপিৰাভিৰ’ বড়িক অনুমোদন জনাইছে ব্ৰিটেইন চৰকাৰে৷ জাৰ্মান প্ৰতিষেধক নিৰ্মাতা কোম্পানী ‘মাৰ্কে’ তৈয়াৰ কৰি উলিয়াইছে এইবিধ বিশেষ বড়ি৷ ইতিমধ্যে কেইবাখনো দেশত এই প্ৰতিষেধকবিধৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে৷ বজাৰত কেতিয়াকৈ এই বড়ি উপলব্ধ হ’ব সেই সন্দৰ্ভত বৰ্তমানে নিশ্চিত হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ