অসম লাইভ ২৪ঃ সচৰাচৰ দেখা শিশুতকৈ কিছু পৃথক এটি শিশু৷ শিশুটিৰ জন্ম ব্ৰাজিলৰ এলবাৰ্ট চেবিন শিশু চিকিৎসালয়ত৷ এটি সাধাৰণ মানৱ শিশু যদিও শিশুটিৰ আছে ১২ ছেণ্টিমিটাৰ দীঘল এডাল নেজ৷ নেজডালৰ সৈতে আছে ৪ ছেঃমিঃ পৰিধিৰ এটি বল৷
শিশুটিৰ বিকাশৰ সমান্তৰালকৈ বৃদ্ধি হৈছে নেজডাল৷ Journal of Pediatric Surgery Case Reportsত প্ৰকাশিত শিশুটিৰ এখন ছবিয়ে সম্প্ৰতি আলোড়নৰ সৃষ্টি কৰিছে চিকিৎসা বিজ্ঞানত৷ শিশুটিৰ বিষয়ে এটা লেখা প্ৰকাশ হৈছিল জাৰ্ণেলখনত৷ চিকিৎসকৰ মতে, এয়া প্ৰকৃত মানৱ নেজৰ এটি বিৰল উদাহৰণ৷
গৰ্ভাৱস্থাৰ পৰাই বিকাশ হৈছে শিশুটিৰ নেজডালৰ৷ বৰ্তমানলৈকে বিশ্বত কেৱল ৪০টা এনেধৰণৰ অস্বাভাৱিক ঘটনা সংঘটিত হোৱাৰ তথ্য আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ