ভাৰতত টেছলাৰ নতুন শ্ব’ৰুম অপেন কৰাৰ এমাহ সম্পূৰ্ণ হৈছে৷ এমাহৰ ভিতৰতেই লঞ্চো কৰা হৈছে টেছলাৰ নতুন মডেল Y, সেই নতুন মডেলৰ বাহনখনেই প্ৰথমবাৰৰ বাবে ভাৰতত বিক্ৰি কৰিছে টেছলাই৷ সম্প্ৰতি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ANIয়ে৷ ভিডিঅ’ত দেখা গৈছে মহাৰাষ্ট্ৰৰ পৰিবহনমন্ত্ৰী প্ৰতাপ চাৰনায়কে মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সৰ টেছলা এক্সপেৰিয়েন্স চেণ্টাৰৰ পৰা তেওঁ Y মডেলৰ বাহনখন ক্ৰয় কৰিছে৷ ১৫ জুলাইত উদ্বোধন হৈছিল এই মডেল৷ দেশত প্ৰথম বিক্ৰী হৈছে এলন মাস্কৰ সংস্থাৰ বাহন৷
কিমান দাম বাহনখনৰ?
এই বাহনখন ৰেগুলাৰ মডেল নে লং ৰেঞ্জ সেয়া এতিয়াও স্পষ্ট নহয়৷ টেছলাৰ RWD-ৰ দাম আৰম্ভ হৈছে ৫৯.৮৯ লাখ টকাৰ পৰা৷ অন্যহাতে লং ৰেঞ্জ RWD-ৰ দাম আৰম্ভ হয় ৬৭.৮৯ লাখ টকাৰ পৰা৷ এই দুই দামেই অনৰোড বা এক্স শ্বৰুম দাম৷ সংবাদ সংস্থা ব্লুমবাৰ্গৰ খবৰ অনুসৰি বৰ্তমান পৰ্যন্তত ভাৰতৰ পৰা ৬০০ বাহনৰ অৰ্ডাৰ লাভ কৰিছে টেছলাই৷ এলন মাস্কৰ সংস্থাৰ প্ৰত্যাশা আছিল ইয়াতকৈ বহু বেছি৷ কিন্তু টেছলাই প্ৰতিবছৰে ভাৰতত ৩৫০-৫০০ বাহন ৰপ্তানিৰ পৰিকল্পনা কৰিছে৷ এই হিচাপে ছাংহাইৰ পৰা ছেপ্টেম্বৰত দেশলৈ আহিছে প্ৰথম বেচৰ বাহনসমূহ৷
ভাৰতত ইভিৰ বজাৰ কেনে?
ভাৰতত ইভি বা ইলেক্ট্ৰিক ভেহিকলৰ বজাৰ এতিয়াও খুবেই সৰু৷ পৰিসংখ্যাই কৈছে এই বছৰ এপ্ৰিলৰ পৰা জুলাই মাহত বিক্ৰি হোৱা মুঠ বাহনৰ মাজত মাত্ৰ ৫শতাংশহে ইলেক্ট্ৰিক ভেহিকল৷ এই সময়ত বাহন বিক্ৰী দ্ৰুত হাৰত বৃদ্ধি পাইছে৷ এই সময়ৰ ভিতৰত ভাৰতত ইভি বাহনৰ বিক্ৰি ৯৩শতাংশ বাঢ়ি ১৫,৫০০ ইউনিট হৈছে৷
কি বিশেষত্ব টেছলাৰ Y মডেলৰ?
টেছলাৰ মডেল Yৰ দুটা নিৰ্দিষ্ট ভেৰিয়েণ্ট ভাৰতত উপলব্ধ৷ ইয়াৰ মাজতেই এটা 60kWh বেটাৰিসহ ৰিয়েৰ হুইল ড্ৰাইভ আৰু অন্যখন 75kWh বেটাৰিসহ লং ৰেঞ্জ৷ ষ্টেণ্ডাৰ্ড RWDৰ ৰেঞ্জ ৫০০ কিঃমিঃ৷ ইয়াৰোপৰি ৫.৯ ছেকণ্ডত ০ৰ পৰা ১০০ কিঃমিঃলৈ গতি উঠাব পাৰে৷ অন্যহাতে লং ৰেঞ্জ RWD য়ে ৫.৬ ছেকেণ্ডত স্প্ৰিণ্টত ৬২২ কিঃমিঃ পৰ্যন্ত ৰেঞ্জ প্ৰসাৰিত কৰে৷ দুটাৰেই সৰ্বোচ্চ গতি ২০১ কিঃমিঃ প্ৰতিঘণ্টা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















