কাৰ্গিল যুদ্ধত জড়িত আছিল তেওঁলোকৰ সেনাই৷ ২৫ বছৰ পাছত স্বীকাৰ কৰিলে পাকিস্তানে৷ পাকিস্তানৰ প্ৰতিৰক্ষা দিৱসৰ এক অনুষ্ঠানত সেই দেশৰ সেনাপ্ৰধান জেনেৰেল ৱাছিম মুনিৰে কয়, ‘ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৮, ১৯৬৫, ১৯৭১ আৰু কাৰ্গিল যুদ্ধত আমাৰ বহু সেনাই আত্মবলিদান দিছে৷’
১৯৯৯ চনত ৰক্তক্ষয়ী কাৰ্গিল যুদ্ধৰ সাক্ষী আছিল ভাৰত৷ তিনি মাহ ধৰি জম্মু আৰু কাশ্মীৰৰ দ্ৰাছ কাৰ্গিল চেক্টৰত চলিছিল এই যুদ্ধ৷ পাকিস্তানৰ ফালৰ পৰা অনুপ্ৰৱেশ চলিয়েই থাকে কাৰ্গিলত৷ শত্ৰু মোকাবিলাৰ বাবে সেয়ে ভাৰতে আৰম্ভ কৰে ‘অপাৰেছন বিজয়৷’ অসংখ্য জোৱানে বলিদান দিছে এই যুদ্ধত৷ জোৱানৰ বলীদানতেই জয়ী হয় ভাৰত৷ সেই যুদ্ধৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে৷
সেই যুদ্ধৰ ২৫ বছৰ পাছত পাকিস্তানে তেওঁলোকৰ সেনা এই যুদ্ধত জয়ী থকাৰ কথা স্বীকাৰ কৰি লৈছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল শাহিদ আজিজ, পাৰভেজ মুছাৰফ আৰু নৱাজ শাৰিফে কাৰ্গিল যুদ্ধত পাকিস্তান জড়িত থকাৰ কথা স্বীকাৰ কৰিছে৷ কিন্তু তৎকালীন ইছলামাবাদ চৰকাৰৰ দাবী আছিল, ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাক সেনাৰ কোনো হাত নাই৷ কাশ্মীৰৰ স্বাধীনতা সংগ্ৰামী মুজাহিদিনেই অনুপ্ৰৱেশ কৰিছিল ভাৰতত৷ পাকিস্তানী সেনাই কেৱল সীমান্তত টহলহে দিছিল৷
কাৰ্গিল যুদ্ধৰ পাছত পাকিস্তানে নিজৰ সেনাৰ মৃতদেহ লৈ যাবলৈ অস্বীকাৰ কৰিছিল৷ নিহত পাক সেনাসকলক শেষকৃত্য হৈছিল ভাৰততেই৷ প্ৰধানমন্ত্ৰী পদ হেৰুওৱাৰ পাছত নয়াদ শ্বৰিফে স্বীকাৰ কৰিছিল, কাৰ্গিল যুদ্ধত জড়িত আছিল পাক সেনাই৷ ১৯৯৯ চনত লাহোৰ চুক্তিও ভংগ কৰিছিল পাকিস্তানেই৷ সেই চুক্তি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে কৰিছিল নৱাজ শ্বৰিফে৷ নিজৰ আত্মজীৱনী ‘ইন দ্যা লাইফ অফ ফায়াৰ’ ত পাকিস্তানৰ তৎকালীন সেনাপ্ৰধান পাৰভেজ মুছাৰফেও স্বীকাৰ কৰিছিল কাৰ্গিল যুদ্ধত অনুপ্ৰৱেশকাৰীৰ মাজত আছিল পাক সেনা৷ ১৯৯৯ চনৰ ৩মেৰ পৰা আৰম্ভ কৰি ২৬ জুলাই পৰ্যন্ত চলিঠিল কাৰ্গিল যুদ্ধ৷ পাকিস্তানি সেনাক পৰাস্ত কৰিবলৈ ভাৰতীয় জোৱানে বিশেষ চক্ৰবেহু তৈয়াৰ কৰিছিল৷ সেই চক্ৰবেহুৱেই ভাৰতক দিলে জয়ৰ সোৱাদ৷
কাৰ্গিল যুদ্ধত অসংখ্য ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷ কাৰ্গিলৰ ১৫-১৬ হাজাৰ ফুট ওখ পাকিস্তানত ভাৰতে কেইবাটাও স্থান নিজৰ দখললৈ আনিছিল৷ উত্তৰত ভাৰতীয় সেনাই দুৰ্গম এলেকাৰে পাকিস্তানী বাহিনীক ঘেৰি ধৰিছিল ভাৰতীয় সেনাই৷ আন্তৰ্জাতিক মহলৰ একাংশৰ মতে কাৰ্গিল যুদ্ধৰ সময়ত আমেৰিকাই হস্তক্ষেপ কৰিব অনুমান কৰিছিল পাৰভেজ মুছাৰফে৷ কিন্তু তাৰ পূৰ্বেই পাক সেনাক পৰাস্ত কৰে ভাৰতে৷ ১৯৯৯ চনৰ ২৫ জুলাইত বিজয় ঘোষণা কৰে ভাৰতীয় সেনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ