অসম লাইভ ২৪ঃ পুৱাতেই কাৰ্যালয়লৈ যাব লাগে, লৰালৰিকৈ টোপনিৰ পৰা উঠিয়েই কাৰ্যালয়লৈ দৌৰা হয়৷ ইপিনে নিশাও টোপনি নাই৷ এই অভ্যাসে শৰীৰৰ ক্ষতি কৰে৷ শৰীৰৰ ক্ষতি হৈ থকা বুলি জানিও নিশা টোপনি নহাৰ অভ্যাস আঁতৰাব নোৱাৰাটো বহু ব্যক্তিৰেই প্ৰধান সমস্যা হৈ পৰে৷
বিশেষজ্ঞৰ মতে এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক ৬ৰ পৰা ৮ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু প্ৰায়সংখ্যক লোকৰেই টোপনি ৬-৮ পৰা ঘণ্টা নোহোৱাটো এটা সমস্যা হৈ থিয় দিয়ে৷ টোপনি আনিবলৈ নিজকে কেনেদৰে প্ৰস্তুত কৰিব তাৰ বাবে চিকিৎসকে দিছে বিশেষ কেইটামান উপায়৷
নিশাৰ ভাগত টোপনি আনিবলৈ হ’লে প্ৰথমেই সকলো যোগাযোগ মাধ্যমৰ পৰা বিচ্ছিন্ন হ’ব লাগিব৷ কাৰ্যালয়ৰ পৰা ওভতি আহি সামাজিক মাধ্যমৰ পৰা বিচ্ছিন্ন থকা, ফোন চাইলেণ্ট কৰি ৰখা আদি উপায় অৱলম্বন কৰিব পাৰে৷
নিশাৰ ভাগত মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে৷ বহুতৰেই ধাৰণা থাকে, নিশা শুৱাৰ পূৰ্বে মদ্যপান কৰিলে টোপনি ভাল হয়৷ কিন্তু এই ধাৰণা ভুল বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷ যদি মদ্যপানৰ এৰাব নোৱাৰা অভ্যাস থাকে তেন্তে বিছনালৈ যোৱাৰ দুঘণ্টা পূৰ্বে কম পৰিমানে ৱাইন সেৱন কৰিব পাৰে৷
বহুতৰে সমস্যা থাকে টান তুলিত টোপনি ভাল নোহোৱাটো৷ তেনে লোকে আৰামদায়ক তুলিৰ ব্যৱস্থা কৰি ল’ব পাৰে৷ ইয়াৰোপৰি নিশাৰ ভাগত চাহ বা কফি খোৱাৰ অভ্যাস এৰাই চলিলে টোপনি ভাল হয়৷
গৰম পানীত গা ধুলেও টোপনি ভাল হয়৷ দিনৰ সমস্ত ক্লান্তি দূৰ কৰিবৰ বাবে কৰ্মক্ষেত্ৰৰ পৰা ওভতি আহি গৰম পানীত গা ধুলেও নিদ্ৰাহীনতাৰ সমস্যা দূৰ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ