মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এখন ডাম্পাৰে ৰাজপথত বাইক এখন প্ৰচণ্ড জোৰে খুন্দা মাৰে বহু দুৰলৈ চোচৰাই লৈ যায়। এই দুৰ্ঘটনাত বাইক যাত্ৰা কৰি থকা ৫ জন লোকৰ মৃত্যু হয়। আজি সোমবাৰে পুৱা প্ৰায় ৬ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজনেই একেটা পৰিয়ালৰ।
দুৰ্ঘটনাটোত আঠ মহীয়া সন্তানসহ পাঁচজন লোক আহিছিল। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে বাইকত থকা শিশুসহ ৫জনৰ থিতাতে মৃত্যু হয়।
নিহতসকলৰ ভিতৰত বিকাশ (২৫), চুম্মাৰী (৬০), জনতা (৩৪) , দীৱানা (৭), লক্ষ্মী (৮ মাহ) । আটাইকেইজনেই আছিল জৌনপুৰ জিলাৰ মিৰগঞ্জ থানা এলেকাৰ চৌকী খুৰদ অঞ্চলৰ বাসিন্দা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ