প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান
৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এইমছত শেষ নিশ্বাস ত্যাগ মনমোহন সিঙৰ।
শ্বাস প্ৰশ্বাস জনিত সমস্যাৰ বাবে আজি সন্ধিয়া ৮ বজাত এইমছত ভৰ্তি কৰা হৈছিল মনমোহন সিঙক।
কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতা উপস্থিত হৈছে এইমছত।
সকলো বৈঠক স্থগিত কৰি এইমছলৈ ৰাওনা কংগ্ৰেছৰ দলীয় কৰ্মীৰ।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰধানমন্ত্ৰীগৰাক।
২০০৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ডঃ এ পি জে আব্দুল কালামৰ সন্মুখত শপত বাক্য পাঠ কৰিছিল মনমোহন সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















