মানৱেন্দ্ৰ কুমাৰ দাসঃ দেওবাৰে ৪ ছেপ্টেম্বৰত আহমেদাবাদৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাত মহাৰাষ্ট্ৰৰ পালগড়ত দুৰ্ঘটনাত পতিত হয় টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা পিৰামল গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া চাইৰাছ মিষ্ট্ৰীৰ বাহন৷ আৰু ঘটনাস্থলীতে নিহত হয় কৰ্প’ৰেট জগতৰ এক প্ৰভাৱশালী ব্যক্তি৷
বিয়লি ৩.১৫ বজাত সংঘটিত হোৱা দুৰ্ঘটনা সম্পৰ্কত আৰক্ষীয়ে অদ্যপি সবিশেষ প্ৰকাশ কৰিব পৰা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ সূৰ্য নদীৰ ওপৰত থকা দলঙৰ ডিভাইদাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় চাইৰাছ মিষ্ট্ৰীৰ মাৰ্চিডিজ বাহনখন৷ এই খবৰ বিয়পি পৰাৰ পাছতে দেশৰ কৰ্প’ৰেট জগত বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য৷ কিয়নো ভাৰতীয় শ্বেয়াৰ বজাৰত টাটা গ্ৰুপ আৰু পিৰামল ইণ্ডাষ্ট্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ৷
চাইৰাছ মিষ্ট্ৰীৰ ঘনিষ্ঠ মহলে এই দুৰ্ঘটনাৰ আঁৰত অন্য কোনো শক্তি জড়িত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে৷ একে সময়তে চাইৰাছ মিষ্ট্ৰীৰ এই ভয়াৱহ দুৰ্ঘটনাৰ আঁৰত অন্য এক ধৰ্মান্ধতা জড়িত থকা বুলিও চলিছে চৰ্চা৷
লগতে পঢ়ক কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?
চাইৰাছ মিষ্ট্ৰী টাটা গ্ৰুপ অব্ কোম্পানীৰ অধ্যক্ষ পদত থকা সময়ৰ টাটাৰ বহুকেইটা সহযোগী কোম্পানী TCS অৰ্থাৎ টাটা কনছাল্টেন্সী ছাৰ্ভিচেছ, টাইটান ইণ্ডাষ্ট্ৰীজ, টাটা পাৱাৰ, টাটা এগ্ৰ’, টাটা বায়’টেকৰ শ্বেয়াৰ মূল্য যথেষ্ট বৃদ্ধি হৈছিল৷ তেওঁৰ সময়তে TCS আৰু টাইটান ইণ্ডাষ্ট্ৰীজত বুজন পৰিমাণৰ বিদেশী বিনিয়োগ হৈছিল৷
ঠিক একেদৰে পিৰামল গ্ৰুপেও শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত টাটা গ্ৰুপৰ অন্যতম অংশীদাৰ তথা অধ্যক্ষ ৰতন টাটাৰে চাইৰাছ মিষ্ট্ৰীৰ নীতিগত সংঘাত আৰম্ভ হয়৷ একে সময়তে চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে SEBIএ উত্থাপন কৰিছিল গুৰুত্বপূৰ্ণ অভিযোগ৷ SEBI অৰ্থাৎ ছিকিউৰিটীজ এক্সেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়াৰ অভিযোগৰ পাছতে অংশীদাৰসকলৰ বৈঠকত টাটা গ্ৰুপ অব্ কোম্পানীৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল চাইৰাছ মিষ্ট্ৰীক৷
চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা অন্যতম অভিযোগ আছিল ইনছাইড ট্ৰেডিং৷ অৰ্থাৎ কোম্পানীৰ মূল বিষয়ববীয়া হৈ তেওঁ কোম্পানীৰ শ্বেয়াৰ কিনা-বেচা কৰিছিল৷ ষ্টক মাৰ্কেটৰ নীতি-নিয়ম আৰু SEBIৰ নিৰ্দেশনা অনুসৰি ইনছাইড ট্ৰেডিং এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অপৰাধ৷ একেদৰে ২০২০ চনতো চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে ইনছাইড ট্ৰেডিঙৰ অভিযোগ আছে৷
লগতে পঢ়ক জঘন্য কাণ্ড! প্ৰেমিকৰ সৈতে পলাই যাবলৈ ছমহীয়া সন্তানক নলাত পেলাই হত্যা, গ্ৰেপ্তাৰ হ’ল ২৭ বছৰীয়া মাতৃ
TCSৰ মুখ্য কাৰ্যবাহী বিষয়া হৈ থকা অৱস্থাত চাইৰাছ মিষ্ট্ৰীয়ে ইনছাইড ট্ৰেডিঙৰ জৰিয়তে ২০ হাজাৰ কোটি টকা উপাৰ্জন কৰা বুলিও সংবাদ মাধ্যমত বাতৰি ওলাইছিল৷ আনকি এই ইনছাইড ট্ৰেডিঙৰ আঁৰত ভাৰতৰ কৰ্প’ৰেট জগত আৰু ৰাজনৈতিক জগতৰ বহু ৰথী-মহাৰথী জড়িত থকা বুলিও সততে সন্দেহ ঘনীভূত হয়৷
ভাৰতীয় ৰাজনীতিৰ বহুকেইগৰাকী মূধাফুটা নেতাৰে চাইৰাছ মিষ্ট্ৰীৰ ঘনিষ্ঠতাও সংবাদ মাধ্যমৰ অবিদিত নহয়৷ বিশেষকৈ টাটা গ্ৰুপ অব্ কোম্পানী আৰু পিৰামল ইণ্ডাষ্ট্ৰীজত ইনছাইড ট্ৰেডিঙৰ বাবে বহুলোকে চাইৰাছ মিষ্ট্ৰীক হেজাৰ হেজাৰ কোটি টকা আদায় দিয়াৰো অভিযোগ আছে৷ অৱশ্যে এইসমূহৰ বিশেষ কোনো প্ৰামাণিক তথ্য নাই৷ কিয়নো ইনছাইড ট্ৰেডিঙৰ সম্পূৰ্ণ তথ্য SEBI আৰু নেচনেল ষ্টক এক্সেঞ্জ লিমিটেডে কেন্দ্ৰ চৰকাৰৰ ওচৰত দাখিল কৰিছে৷
যদি এই অভিযোগ সত্য হয়, তেন্তে চাইৰাছ মিষ্ট্ৰীৰ দুৰ্ঘটনাৰ আঁৰত হয়তো অন্য কাৰণো থাকিব পাৰে! কিন্তু এই ঘটনাই ভাৰতীয় শ্বেয়াৰ বজাৰত যে প্ৰভাৱ পেলাব সেইটো নিশ্চিত৷ অৱশ্যে আগন্তুক সময়তহে স্পষ্ট হৈ উঠিব চাইৰাছ মিষ্ট্ৰীৰ দুৰ্ঘটনাৰ আঁৰত থকা ৰহস্য৷ ভাৰতীয় কৰ্প’ৰেট জগত আৰু শ্বেয়াৰ মাৰ্কেটৰ আধুনিক যাদুকৰ হিচাপে পৰিচিত চাইৰাছ মিষ্ট্ৰী কোনো ষড়যন্ত্ৰৰ বলি হ’ল নেকি? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তদন্তৰ তথ্যলৈ অপেক্ষা কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ