অসমৰ শিল্পী দলক মেঘালয়ৰ নংষ্ট্ৰেইনৰ সমীপত লুট। নংষ্ট্ৰেইনৰ পৰা শ্বিলং যোৱা পথত এই ঘটনা।
ঘটনাৰ বিৱৰণীৰ মতে দলটোৱে উদীয়মান শিল্পী ৰাম কিষাণৰ গীত এটিৰ দৄশ্যগ্ৰহণৰ বাবে মেঘালয়লৈ গৈছিল।
তেতিয়াই তিনি দুৰ্বৃত্তই শিল্পী দলটোৰ পৰা লুট কৰে ধন। ৰঙা ৰঙৰ এ’ল্টোৰে বাট আগচি ধৰি দাবী-ধমকিৰে প্ৰায় ৬ হাজাৰ টকা লুট নিয়ে দুৰ্বৃত্তৰ দলটোৱে। নৃত্য পৰিচালক মনোজ মনৰ চচমা কাঢ়ি নিয়ে দুৰ্বৃত্তই।
লগতে পঢ়ক চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?
৯ জনীয়া শিল্পীৰ দলটো গৈছিল দুখন বাহনেৰে। অভিনেত্ৰী প্ৰিয়ংকা শইকীয়া আছিল শিল্পীৰ দলটোত।
জানিব পৰা মতে দৃশ্যগ্ৰহণৰ সময়তো উপস্থিত আছিল এক দুৰ্বৃত্ত। মদ্যপান কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল দৃশ্যায়নৰ সময়ত। ভুক্তভোগী দলটোৱে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ