তেলেংগানাৰ হানুমাকোণ্ডা জিলাৰ কাজিপেটত ৰে’লপথৰ কাষত ইনষ্টাগ্ৰাম ৰীল নিৰ্মাণ থকা অৱস্থাত এজন কিশোৰ গুৰুতৰভাৱে আহত হৈছে।
দেওবাৰে সংঘটিত হয় এই ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত তেলেংগানাৰ ৱাডেপালীৰ ইণ্টাৰমিডিয়েট প্ৰথম বৰ্ষৰ ছাত্ৰ চন্দ্ৰ অক্ষয় ৰাজ (১৭) নামৰ কিশোৰগৰাকীক ৰে’লপথৰ কাষেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে।
লগতে পঢ়ক বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?
এনেতে পাছ ফালৰ পৰা অহা এখন ৰে’লে কিশোৰগৰাকীক তীব্ৰ জোৰেৰে খুন্দা মাৰে আৰু তেওঁ মাটিত ঢলি পৰে।
সমগ্ৰ ঘটনাটো আন এজন কিশোৰে নিজৰ ফোনত ৰেকৰ্ডিং কৰিছিল। ঘটনাটো সংঘটিত হোৱাৰ পাছতে অক্ষয়ক চিকিৎসাৰ বাবে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ