• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

4 years ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

36 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

1 hour ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

3 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

4 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

5 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

6 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

7 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

8 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

8 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

editor by editor
September 5, 2022
in বাণিজ্য, ভাৰত
0
চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ দেওবাৰে ৪ ছেপ্টেম্বৰত আহমেদাবাদৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাত মহাৰাষ্ট্ৰৰ পালগড়ত দুৰ্ঘটনাত পতিত হয় টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা পিৰামল গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া চাইৰাছ মিষ্ট্ৰীৰ বাহন৷ আৰু ঘটনাস্থলীতে নিহত হয় কৰ্প’ৰেট জগতৰ এক প্ৰভাৱশালী ব্যক্তি৷

বিয়লি ৩.১৫ বজাত সংঘটিত হোৱা দুৰ্ঘটনা সম্পৰ্কত আৰক্ষীয়ে অদ্যপি সবিশেষ প্ৰকাশ কৰিব পৰা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ সূৰ্য নদীৰ ওপৰত থকা দলঙৰ ডিভাইদাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় চাইৰাছ মিষ্ট্ৰীৰ মাৰ্চিডিজ বাহনখন৷ এই খবৰ বিয়পি পৰাৰ পাছতে দেশৰ কৰ্প’ৰেট জগত বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য৷ কিয়নো ভাৰতীয় শ্বেয়াৰ বজাৰত টাটা গ্ৰুপ আৰু পিৰামল ইণ্ডাষ্ট্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ৷

চাইৰাছ মিষ্ট্ৰীৰ ঘনিষ্ঠ মহলে এই দুৰ্ঘটনাৰ আঁৰত অন্য কোনো শক্তি জড়িত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে৷ একে সময়তে চাইৰাছ মিষ্ট্ৰীৰ এই ভয়াৱহ দুৰ্ঘটনাৰ আঁৰত অন্য এক ধৰ্মান্ধতা জড়িত থকা বুলিও চলিছে চৰ্চা৷

লগতে পঢ়ক কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

চাইৰাছ মিষ্ট্ৰী টাটা গ্ৰুপ অব্ কোম্পানীৰ অধ্যক্ষ পদত থকা সময়ৰ টাটাৰ বহুকেইটা সহযোগী কোম্পানী TCS অৰ্থাৎ টাটা কনছাল্টেন্সী ছাৰ্ভিচেছ, টাইটান ইণ্ডাষ্ট্ৰীজ, টাটা পাৱাৰ, টাটা এগ্ৰ’, টাটা বায়’টেকৰ শ্বেয়াৰ মূল্য যথেষ্ট বৃদ্ধি হৈছিল৷ তেওঁৰ সময়তে TCS আৰু টাইটান ইণ্ডাষ্ট্ৰীজত বুজন পৰিমাণৰ বিদেশী বিনিয়োগ হৈছিল৷

ঠিক একেদৰে পিৰামল গ্ৰুপেও শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত টাটা গ্ৰুপৰ অন্যতম অংশীদাৰ তথা অধ্যক্ষ ৰতন টাটাৰে চাইৰাছ মিষ্ট্ৰীৰ নীতিগত সংঘাত আৰম্ভ হয়৷ একে সময়তে চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে SEBIএ উত্থাপন কৰিছিল গুৰুত্বপূৰ্ণ অভিযোগ৷ SEBI অৰ্থাৎ ছিকিউৰিটীজ এক্সেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়াৰ অভিযোগৰ পাছতে অংশীদাৰসকলৰ বৈঠকত টাটা গ্ৰুপ অব্ কোম্পানীৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল চাইৰাছ মিষ্ট্ৰীক৷

চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা অন্যতম অভিযোগ আছিল ইনছাইড ট্ৰেডিং৷ অৰ্থাৎ কোম্পানীৰ মূল বিষয়ববীয়া হৈ তেওঁ কোম্পানীৰ শ্বেয়াৰ কিনা-বেচা কৰিছিল৷ ষ্টক মাৰ্কেটৰ নীতি-নিয়ম আৰু SEBIৰ নিৰ্দেশনা অনুসৰি ইনছাইড ট্ৰেডিং এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অপৰাধ৷ একেদৰে ২০২০ চনতো চাইৰাছ মিষ্ট্ৰীৰ বিৰুদ্ধে ইনছাইড ট্ৰেডিঙৰ অভিযোগ আছে৷

লগতে পঢ়ক জঘন্য কাণ্ড! প্ৰেমিকৰ সৈতে পলাই যাবলৈ ছমহীয়া সন্তানক নলাত পেলাই হত্যা, গ্ৰেপ্তাৰ হ’ল ২৭ বছৰীয়া মাতৃ

TCSৰ মুখ্য কাৰ্যবাহী বিষয়া হৈ থকা অৱস্থাত চাইৰাছ মিষ্ট্ৰীয়ে ইনছাইড ট্ৰেডিঙৰ জৰিয়তে ২০ হাজাৰ কোটি টকা উপাৰ্জন কৰা বুলিও সংবাদ মাধ্যমত বাতৰি ওলাইছিল৷ আনকি এই ইনছাইড ট্ৰেডিঙৰ আঁৰত ভাৰতৰ কৰ্প’ৰেট জগত আৰু ৰাজনৈতিক জগতৰ বহু ৰথী-মহাৰথী জড়িত থকা বুলিও সততে সন্দেহ ঘনীভূত হয়৷

ভাৰতীয় ৰাজনীতিৰ বহুকেইগৰাকী মূধাফুটা নেতাৰে চাইৰাছ মিষ্ট্ৰীৰ ঘনিষ্ঠতাও সংবাদ মাধ্যমৰ অবিদিত নহয়৷ বিশেষকৈ টাটা গ্ৰুপ অব্ কোম্পানী আৰু পিৰামল ইণ্ডাষ্ট্ৰীজত ইনছাইড ট্ৰেডিঙৰ বাবে বহুলোকে চাইৰাছ মিষ্ট্ৰীক হেজাৰ হেজাৰ কোটি টকা আদায় দিয়াৰো অভিযোগ আছে৷ অৱশ্যে এইসমূহৰ বিশেষ কোনো প্ৰামাণিক তথ্য নাই৷ কিয়নো ইনছাইড ট্ৰেডিঙৰ সম্পূৰ্ণ তথ্য SEBI আৰু নেচনেল ষ্টক এক্সেঞ্জ লিমিটেডে কেন্দ্ৰ চৰকাৰৰ ওচৰত দাখিল কৰিছে৷

যদি এই অভিযোগ সত্য হয়, তেন্তে চাইৰাছ মিষ্ট্ৰীৰ দুৰ্ঘটনাৰ আঁৰত হয়তো অন্য কাৰণো থাকিব পাৰে! কিন্তু এই ঘটনাই ভাৰতীয় শ্বেয়াৰ বজাৰত যে প্ৰভাৱ পেলাব সেইটো নিশ্চিত৷ অৱশ্যে আগন্তুক সময়তহে স্পষ্ট হৈ উঠিব চাইৰাছ মিষ্ট্ৰীৰ দুৰ্ঘটনাৰ আঁৰত থকা ৰহস্য৷ ভাৰতীয় কৰ্প’ৰেট জগত আৰু শ্বেয়াৰ মাৰ্কেটৰ আধুনিক যাদুকৰ হিচাপে পৰিচিত চাইৰাছ মিষ্ট্ৰী কোনো ষড়যন্ত্ৰৰ বলি হ’ল নেকি? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তদন্তৰ তথ্যলৈ অপেক্ষা কৰিব লাগিব৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCyrus MistryCyrus Mistry diesTATA GROUP OF INDUSTRIES
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য
ভাৰত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

July 25, 2026
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

July 25, 2026
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?
ভাৰত

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

July 25, 2026
Next Post
বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?

বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?

মেঘালয়ত অসমৰ শিল্পীৰ পৰা ধন লুট তিনি দুৰ্বৃত্তৰ, আৰক্ষী থানাত এজাহাৰ দাখিল

মেঘালয়ত অসমৰ শিল্পীৰ পৰা ধন লুট তিনি দুৰ্বৃত্তৰ, আৰক্ষী থানাত এজাহাৰ দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.