অসম লাইভ ২৪ঃ দেশত আৰম্ভ হৈছে কোভিড ভেকচিনৰ বুষ্টাৰ ড’জৰ টীকাকৰণ প্ৰক্ৰিয়া৷ শিশুৰ বাবে প্ৰথম ড’জ ভেকচিনেচন আৰম্ভ হোৱাৰ সমান্তৰালকৈ ফ্ৰণ্টলাইন ৱৰ্কাৰ্চ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হৈছে কোভিড ভেকচিনৰ বুষ্টাৰ ড’জ৷ ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ চাইবাৰ ক্ৰিমিনেলচে৷ কোভিডৰ বুষ্টাৰ ড’জৰ নামত জনতাক প্ৰতাৰণা আৰম্ভ কৰিছে একাংশ প্ৰৱঞ্চকে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এনে বহু জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে শেহতীয়াকৈ৷ এনে বিভিন্ন ঘটনাৰ পাছতে দেশবাসীক সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা৷
কি দৰে জনতাক জালত পেলাই প্ৰৱঞ্চকে?
স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে সদৰী কৰা অনুসৰি, প্ৰৱঞ্চকে বিশেষকৈ ৬০ ঊৰ্ধৰ ব্যক্তিসকলক ফোন কৰি নিজকে চৰকাৰী কৰ্মচাৰী বুলি চিনাকি দি বুষ্টাৰ ড’জ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় আৰু ভেকচিন গ্ৰহণৰ বাবে নাম পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে৷ নাম পঞ্জীয়নৰ বাবে ব্যক্তিগৰাকীৰ Basic Information (প্ৰাথমিক তথ্য) সংগ্ৰহ কৰে৷ পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগৰাকীৰ বেংকিং ট্ৰানজেকচনৰ সৈতে জড়িত OTP বিচাৰে৷ আৰু এনেদৰেই ব্যক্তিৰ একাউণ্টৰ পৰা টকা সৰকায় প্ৰৱঞ্চকে৷
গতিকে ভেকচিনৰ নামত এনে প্ৰৱঞ্চকৰ জালত নপৰিবলৈ জনতাৰ বাবে কিছু সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে৷ আৰু প্ৰৱঞ্চকৰ এনে ফোনকল আহিলেই আৰক্ষীক অৱগত কৰিবৰ বাবেও আহ্বান জনোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ